লখিমপুৰ, 14 মাৰ্চঃ দুখীয়া দৰিদ্ৰক কোঙা কৰা মাইক্ৰ' ফাইনেঞ্চৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ । শনিবাৰে লখিমপুৰত সংবাদমেল সম্বোধন কৰি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে অভিযোগ তোলে চৰকাৰলৈ । চৰকাৰৰ সোপাঢিলা নীতিৰ বাবেই দুখীয়া দৰিদ্ৰক জুৰুলা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে মাইক্ৰ'ফাইনেঞ্চ সমূহৰ বিৰুদ্ধে । লখিমপুৰ জিলাৰ লগতে অসমত বৰ্তমানে ঋণৰ বোজা সহিব নোৱাৰি ৩০ গৰাকী লোকে আত্মহত্যা কৰাৰ তথ্য দাঙি ধৰে সংগঠনটোৱে ।
আনহাতে, তিনিদিন পূৰ্বে লখিমপুৰ জিলাত ঋণ দিয়াৰ নামত ধন লোৱা North East Development Welfare Societyৰ নামত NGOৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো গোচৰ নোলোৱাৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ । লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধে ভূক্তভোগী মহিলাই প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে সংগঠনটোয়ে ।
আৰু পঢ়কঃ COVID-19 : কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে : জনসম্পর্কৰক্ষী বিষয়া