নাৰায়ণপুৰ, 9 এপ্ৰিলঃ চ'ছিয়েল মিডিয়াত সাম্প্ৰদায়িক পষ্ট দিয়াৰ অভিযোগত নাৰায়ণপুৰত গ্ৰেপ্তাৰ হ'ল এজন শিক্ষক । Bihpuria and Gohpur Constituency নামৰ গ্ৰুপটোত দিয়া কিছুমান পষ্টৰ বাবে 51/2020 নম্বৰত কেইবাটাও ধাৰাত নাৰায়ণপুৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । শিক্ষকগৰাকী যমুনাখাত গাঁৱৰ প্ৰনৱজ্যোতি শৰ্মা বুলি জানিব পৰা গৈছে । বিহপুৰীয়াৰ উত্তৰ খোলাগুৰী প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক জনে কেতবোৰ সাম্প্ৰদায়িক পোষ্ট দিয়া বুলি অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়কঃ বিতৰ্কিত মন্তব্য : বিধায়কৰ ঠিকনা হ'ল ৰঙাঘৰ !