ETV Bharat / state

নিশা হঠাৎ নাওবৈচাত উপস্থিত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত - অতুল বৰা

নিশা হঠাতে নাওবৈচাত উপস্থিত হৈ এখন দলীয় বৈঠকত মিলিত হয় অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷

নাওবৈচাত নিশা হঠাৎ অগপৰ সভাপতি অতুল বৰা মন্ত্ৰী কেশৱ মহন্ত:

author img

By

Published : Dec 24, 2020, 3:41 PM IST

Updated : Dec 24, 2020, 4:48 PM IST

নাওবৈচা, 24 ডিচেম্বৰ: নিশা হঠাতে নাওবৈচাত উপস্থিত হয় অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷ নাওবৈচা বিধানসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ জয়ন্ত খাউণ্ড আৰু সমষ্টিটোৰ ২০ খন আঞ্চলিকৰ কৰ্মীৰে গোপন বৈঠক নেতাদ্বয়ৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি নাওবৈচা পুনৰুদ্ধাৰৰ বাবে দলীয় কৰ্মীৰ সৈতে ৰণনীতি প্ৰস্তুত কৰে বৈঠকত ৷ লগতে দলটোক অধিক মজবুত কৰিবলৈ দলীয় কৰ্মীক আহ্বান জনালে মন্ত্ৰী তথা অগপৰ সভাপতি গৰাকীয়ে ৷ নাওবৈচাৰ দলীয় সতীৰ্থ সকলক সংখ্যালঘু অঞ্চলবোৰতো সংখ্যালঘু পৰিষদৰ লগতে প্ৰাণ পৰিষদ গঠন কৰি দলৰ সাংগঠনিক ভেটি সংখ্যালঘু এলেকাত শক্তিশালী কৰিবলৈ আহ্বান জনালে মন্ত্ৰী বৰাই ৷

নিশা হঠাৎ নাওবৈচাত উপস্থিত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত

আনহাতে চাহ বাগানতো লাইনে লাইনে প্ৰাণ পৰিষদ গঠন কৰাৰ লগতে ভোটাৰ তালিকাৰ ভিত্তিত ঘৰে ঘৰে ভোটাৰক সাক্ষাৎ কৰাৰ পৰামৰ্শ প্ৰদান কৰে নেতাগৰাকীয়ে ৷ নাওবৈচাৰ খাগৰি গাঁওস্থিত জিলা অগপৰ সভাপতি দীপক বৰদলৈৰ বাসগৃহত অনুষ্ঠিত বৈঠক খনত প্ৰায় দুই শতাধিক দলীয় কৰ্মীয়ে জয়ন্ত খাউণ্ডক পুনৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনায় ৷ জয়ন্ত খাউণ্ডক এইবাৰ হয় এককভাৱে নহয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ দাবী নাওবৈচাৰ দলীয় কৰ্মীৰ ৷

লগতে পঢ়ক: অমিত শ্বাহক আদৰাৰ বাবে আমিনগাঁৱত যুদ্ধকালীন তৎপৰতা

Last Updated : Dec 24, 2020, 4:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.