ETV Bharat / state

নাওবৈচাত মণ্ডল যুৱ মৰ্চাৰ কাৰ্যনিবাহক সভা

author img

By

Published : Nov 30, 2020, 10:37 PM IST

নাওবৈচাত মণ্ডল যুৱ মৰ্চাৰ কাৰ্যনিবাহক সভা ৷ সভাত আগন্তুক নিৰ্বাচনত বিজেপি দলক জয়ী কৰি অঞ্চলটোৰ সমস্যা সমূহ দূৰ কৰিবলৈ আহ্বান জনায় জেপিৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিবাহক সদস্য তথা যুৱ নেতা ঋষিৰাজ হাজৰিকাই ৷

Nowboicha bjp meeting
নাওবৈচাত মণ্ডল যুৱ মৰ্চাৰ কাৰ্যনিবাহক সভা

নাওবৈচা, ৩০ নৱেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলে ব্যাপক ৰণকৌশল যুগুত কৰা পৰিলক্ষিত হৈছে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ১১০ নং নাওবৈচা বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলে নিজ-নিজ ৰণকৌশল যুগুত কৰিছে । যোৱা ২৮ নৱেম্বৰত ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপই নাওবৈচা সমষ্টিত শীৰ্ষ নেতৃত্বৰ উপস্থিতিত দহ সহস্ৰাধিক জনতাৰে ৰণডংকা বজাই এক প্ৰকাৰৰ বিধানসভাৰ নিৰ্বাচনলৈ সাজু হোৱাৰ ইংগিত দিয়ে ।

বিজেপি দলে সমষ্টিটোত তৃণমূল পৰ্যায়ত বিভিন্ন ধৰণৰ সভা-সমিতি আয়োজন কৰি দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা পৰিলক্ষিত হয় । দলটোৱে বুথ পৰ্যায়ত সভা সমিতি আয়োজন কৰাৰ পাছত বৰ্তমান মণ্ডল পৰ্যায়ত সভা অনুষ্ঠিত কৰি ২০২১ৰ নিৰ্বাচনৰ বাবে দলটোক অধিক শক্তিশালী কৰি তোলাত নেতা-কৰ্মীসকল উঠি পৰি লাগিছে । এই উদ্দেশ্যৰে দেওবাৰে বিজেপিৰ নাওবৈচা মণ্ডল যুৱ মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । নাওবৈচাৰ দলহাট বজাৰস্থিত বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি মঞ্চত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে নাওবৈচা মণ্ডল যুৱ মৰ্চাৰ সভাপতি চান কুমাৰ পোদ্দাৰে । সভাখনত বিজেপিৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিবাহক সদস্য তথা যুৱ নেতা ঋষিৰাজ হাজৰিকা উপস্থিত থাকি ২০২১ চনৰ নিৰ্বাচনত যাতে নাওবৈচা সমষ্টিৰ আসনখন বিজেপি দলে লাভ কৰাৰ বাবে দলৰ সকলো সদস্যক অধিক সক্ৰিয় হৈ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে বৰ্তমান সমষ্টিটোত এআইইউডিএফ দখলত আছে যদিও এইবাৰ নিৰ্বাচনত এআইইউডিএফ দলক পুলিয়ে-পোখালিয়ে উঘালি বিজেপিৰ বিজয় নিচান উৰুৱাব লাগিব বুলিও যুৱ নেতাগৰাকীয়ে মন্তব্য কৰে।

লখিমপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি পিজুষ বৰুৱাই সভাখনত অংশগ্ৰহণ কৰি কয় যে, কেৱল এটা সম্প্ৰদায়ক লৈ ৰাজনীতি কৰি অহা এআইইউডিএফ দলৰ বিধায়ক গৰাকীয়ে বিধানসভাত সমষ্টিৰ বাহিৰৰ ইছ্যু লৈ সিংহৰ গুজৰণি দি আহে, যদিও নিজ সমষ্টিক লৈ আজিলৈকে বিধানসভাত এষাৰ মাত মাতি পোৱা নাই । যাৰ বাবে আজিও সমষ্টিটোৰ গ্ৰামাঞ্চলৰ বাট-পথ-দলঙৰ লগতে বান, গৰাখহনীয়াৰ সমস্যাৰ মাজেৰে ৰাইজে সহবাস কৰিব লগা হৈছে। সেয়ে বিধায়ক গৰাকীয়ে চিৰদিনৰ বাবে সমষ্টিটোৰ পৰা এই দলটোক বিদায় দি বিজেপিৰ দলৰ প্ৰাৰ্থীগৰাকীক জিকাই নিয়াত সকলোৱে একগোট হৈ কাম কৰিব লাগে বুলি উল্লেখ কৰে । সভাখনত লখিমপুৰ জিলাৰ যুৱ মৰ্চাৰ প্ৰভাৰী ভৈৰৱ বৰা, জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক সঞ্জীৱ শইকীয়া, সম্পাদক বিশ্বজিৎ খাউণ্ড, জিলা যুৱ মৰ্চাৰ উপ সভাপতি বিশ্বজ্যোতি নাথ উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে: দক্ষিণ-পশ্চিম পানী যোগান প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.