ETV Bharat / state

নাওবৈচাত বানাক্ৰান্তৰ কাষত বিজেপিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকা - দক্ষিণ নাওবৈচাৰ ৩০ খনৰো অধিক গাঁৱ

দক্ষিণ নাওবৈচাৰ বানাক্ৰান্তৰ খৱৰ ল'লে বিজেপিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাই শিঙৰা নদীৰ বান সমস্যা সমাধানৰ আশ্বাস প্ৰদান ৷

nowbocha-flood-area-visit-bjp-yong-leader-risiraj-hazarika
নাওবৈচাত বানাক্ৰান্তৰ কাষত বিজেপিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকা
author img

By

Published : Jul 11, 2020, 8:38 PM IST

নাওবৈচা,১১ জুলাইঃ সংহাৰী বানৰ কবলত পৰি দক্ষিণ নাওবৈচাৰ ৩০ খনৰো অধিক গাঁৱৰ অৰ্দ্ধ লক্ষাধিক বানাক্ৰান্তই সীমাহীন দুখ যন্ত্ৰণাৰে জীয়াই থাকি অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱত হাহাকাৰ কৰি থকাৰ সময়তে শনিবাৰে বিজেপিৰ দলৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ লগতে কেইজনমান কাৰ্যকৰ্তাই বানত ক্ষতিগ্ৰস্ত হোৱা গাঁওসমূহ পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তৰো দুখ দুৰ্দশাৰ বুজ লয়।

নাওবৈচাত বানাক্ৰান্তৰ কাষত বিজেপিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকা

যুৱ নেতা গৰাকীয়ে প্ৰথমতে বান বিধ্বস্ত গোসাঁনীবাৰীত উপস্থিত হৈ কেইবাটাও পৰিয়ালৰ ঘৰত শিঙৰা বানত বিধ্বস্ত হোৱা লোকৰ পৰা শেহতীয়া বানৰ বিষয়ে বুজ লয়। তাৰ পিছতে বানে অতি বিধ্বস্ত কৰা গেলাহাটী অঞ্চলত উপস্থিত হয় ৷ বিশেষকৈ শিঙৰা নদীৰ ভয়াৱহ বানে বিধ্বস্ত কৰা গাঁওসমূহ পৰিদৰ্শন কৰি যুৱনেতা গৰাকীয়ে নাওবৈচা ৰাজহ চক্ৰৰ বিষয়া খুলজিৎ পাদুনৰ সৈতে ফোন যোগে নদীখনৰ বান সমস্যাটোৰ সন্দৰ্ভত আলোচনা কৰে।

তাৰ পিছতেই পদপথতে অঞ্চলটোৰ বানাক্ৰান্ত সকল লগত আলোচনাত মিলিত হয়।নদীখনৰ বান সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰিব বুলি আশ্বাস প্ৰদান কৰে। সুদীৰ্ঘ বছৰে অঞ্চলটোৰ ৰাইজে ভোগ কৰি অহা এই দুখ-যন্ত্ৰণাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীকো অৱগত কৰাৰ কথাও অৱগত কৰে। লগতে অঞ্চলটোত বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱক সকলক লৈ অৰ্থনৈতিক ভেটি শক্তিশালী কৰি তুলিবলৈ মৎস্য ব্যৱসায়,পাচলি ব্যৱসায় আদি কৰিবলৈ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

লগতে পঢ়কঃ মৰাণৰ ৰাঙলীত বিধ্বস্ত পথত আবদ্ধ ১০৮

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.