ETV Bharat / state

Protest in Lakhimpur:ছয় দফীয়া দাবীৰে নিৰ্মাণ শ্রমিক ইউনিয়নৰ বিক্ষোভত উত্তাল লখিমপুৰ - সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন

লখিমপুৰত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বিক্ষোভ । শ্ৰমিক ইউনিয়নৰ বিভিন্ন দাবী পুৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ।

CITU protest in Lakhimpur
সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:00 PM IST

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন

লখিমপুৰ, ১১ ছেপ্টেম্বৰ: লখিমপুৰত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে সোমবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে । সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে সোমবাৰে সমগ্ৰ ৰাজ্যতে জিলাই জিলাই বিক্ষোভ কাৰ্যসূচী পালন কৰে । তেওঁলোকৰ ছয় দফীয়া দাবীৰ সমৰ্থনত জিলা সদৰ সমূহত প্ৰতিবাদী সমদল উলিয়াই জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰে । বিক্ষোভৰ অন্তত জিলা শ্ৰম বিষয়াৰ জৰিয়তে তেওঁলোকে শ্ৰম আয়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

বিক্ষোভকাৰীসকলে নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ৰক্ষা কৰক, নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ ধন কেৱল শ্ৰমিকৰ কল্যাণৰ হকে ব্যবহাৰ কৰক, নিৰ্মাণ শ্ৰমিকৰ হিতলাভবোৰত ধনৰ পৰিমাণ বৃদ্ধি কৰক, হিতলাভবোৰ তৎকালীনভাৱে আদায় দিয়ক, পেন্সনধাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰক, অসমত শ্ৰম কোডৰ প্ৰয়োগ বন্ধ কৰক আদি শ্লোগান দি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত উত্তাল পৰিবেশৰ সৃষ্টি কৰে । বিক্ষোভ প্ৰদৰ্শন কৰি তেওঁলোকে কয় যে পঞ্জীয়নভুক্ত শ্ৰমিকৰ বাবে গ্ৰহণ কৰা আঁচনি অনুসৰি শ্ৰমিকক দিব লগীয়া হিতলাভবোৰ লখিমপুৰ জিলাৰ তিনিটা শ্ৰম কাৰ্যালয়ৰ এটায়ো যোৱা দুবছৰে মোকোলাই দিয়া নাই । এই ক্ষেত্ৰত বহু আবেদন জনোৱাৰ পাছত পেন্সনাৰসকলৰ হিতলাভবোৰৰ বাদে বাকীখিনি আজিও মোকোলাই দিয়া নাই ।

আনহাতে, নিৰ্মাণ শ্ৰমিকৰ বাবে থকা পূঁজি শ্ৰমিকৰ কল্যাণৰ বাবে ব্যয় কৰাতকৈ অন্য শিতানতহে ব্যয় কৰিছে । তদুপৰি প্ৰকৃত শ্ৰমিকসকলৰ সন্তানে পাব লগীয়া শিক্ষা বৃত্তি পোৱা নাই। এই অভিযোগ সমূহৰ লগতে শ্ৰমিক নেতৃত্বই কয় যে শ্ৰমিক সকলৰ হিতলাভৰ ধনৰ পৰিমাণ ২০১৭ চনতে নিৰ্ধাৰণ কৰা হৈছিল । ইয়াৰ পিছত সকলো বয়-বস্তুৰ অভাবনীয় মূল্য বৃদ্ধি হ'ল যদিও শ্ৰমিকৰ হিতলাভৰ পৰিমাণ বৃদ্ধি নহ'ল। সাম্প্রতিক সময়ত ইয়াৰ পৰিমাণ বৃদ্ধি কৰাটো জৰুৰী যদিও গুৰুত্ব দিয়া নাই । সেয়ে তেওঁলোকে শীঘ্ৰে এনে সমস্যা সমাধান কৰিবলৈ দাবী জনায় । বিক্ষোভ কাৰ্যসূচীত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জিলা সভাপতি সুভাষ বিশ্বাস, কাৰ্যকৰী সভাপতি বিনোদ প্ৰধান, সম্পাদক চিদা বৰাই অংশগ্রহণ কৰে ।

লগতে পঢ়ক:Raid against illegal saw mills:গোৱালপাৰাত অবৈধ কাঠফলা কলৰ বিৰুদ্ধে বনবিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.