ETV Bharat / state

নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Jan 17, 2022, 9:34 PM IST

সোমবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাবে উদযাপন কৰিলে 31 সংখ্যক প্ৰতিষ্ঠা দিৱস (31st Foundation Day of Narayanpur Press club) । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অগ্ৰণী অনুষ্ঠানটোৱে বৰ নাৰায়ণপুৰ শীৰ্ষক এখন গৱেষণামূলক গ্ৰন্থও প্ৰকাশ কৰে ৷

Narayanpur Press club
নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

বিহপুৰীয়া, 17 জানুৱাৰী : সোমবাৰে উদযাপন কৰা হয় নাৰায়ণপুৰৰ অগ্ৰণী অনুষ্ঠান নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস (31st Foundation Day of Narayanpur Press club) । এই উপলক্ষে নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ কাৰ্যালয়স্থিত পৰাগ কুমাৰ দাস স্মৃতি ভৱনত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয় ।

প্ৰেছ ক্লাবৰ সভাপতি কুমুদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন মুকলি কৰে প্ৰাক্তন সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক কিৰণ চন্দ্ৰ শৰ্মাই । অঞ্চলটোৰ শতাধিক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা উক্ত সভাখনতে প্ৰেছ ক্লাবটোৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সামৰণি উপলক্ষে প্ৰকাশিত ‘বৰ নাৰায়ণপুৰ’ শীৰ্ষক এখন গৱেষণামূলক গ্ৰন্থ উন্মোচন কৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ।

সভাখনত সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, বিশিষ্ট লেখক-সাহিত্যিক চন্দ্ৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন সন্দিকৈ, অধ্যাপক গৌতম কাকতি প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক: ৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যবাসীয়ে পালন কৰিলে শিল্পী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.