ETV Bharat / state

Man elephant conflict: লখিমপুৰত বন্যহস্তীৰ উপদ্ৰৱ

author img

By

Published : Jun 15, 2022, 8:31 PM IST

বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত -ৰাজ্যবাসীৰ বাবে এয়া কোনো নতুন কথা নহয় (Man Elephant conflict in Assam) ৷ খাদ্যৰ সংকটত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীয়ে এইবাৰ লখিমপুৰতো চলাইছে উপদ্ৰৱ (Man Elephant conflict in Lakhimpur) ৷

man-elephant-conflict-and-wild-elephant-persecution-in-lakhimpur
লখিমপুৰত বন্যহস্তীৰ উপদ্ৰৱ

লখিমপুৰ, ১৫ জুন: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ ৰাজ্যত প্ৰায়েই হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ সমান্তৰালকৈ লখিমপুৰতো অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant conflict in Lakhimpur) ৷ জিলাখনৰ বিশেষকৈ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত বন্যহস্তীৰ উপদ্ৰৱ নৈমিত্তিক ঘটনা হৈ পৰিছে ৷

মঙলবাৰে নিশাও লখিমপুৰ জিলাৰ ফুলবাৰিত বনৰীয়া হাতীয়ে ত্ৰাস সৃষ্টি কৰে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীৰ দলটোৱে জনাঞ্চলত বাহৰ পতাত আতংকিত হৈ পৰিছে ফুলবাৰীবাসী । ৰাতি শুই থকা অৱস্থাতে গাঁওখনৰ বাসিন্দা কৃষ্ণ শইকীয়া আৰু যোগেন শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকটোৱে বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে (Wild elephant persecution in Lakhimpur) ।

লখিমপুৰত বন্যহস্তীৰ উপদ্ৰৱ

লগতে বাসগৃহত থকা ধান-চাউল, কিতাপ পত্ৰকে আদি কৰি বিভিন্ন সামগ্ৰী সম্পূৰ্ণভাৱে নষ্ট কৰি লণ্ড-ভণ্ড কৰে হাতীৰ জাকটোৱে ৷ অৱশ্যে হাতীৰ আক্ৰমণত কথমপিহে প্ৰাণ ৰক্ষা পৰে পৰিয়াল দুটাৰ সদস্যকেইজনৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ফুলবাৰী খণ্ড বন বিষয়া উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লয় ৷

লগতে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে বিষয়াগৰাকীয়ে ৷ ইফালে স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে বন বিভাগক অৱগত কৰাৰ পিছতো বন্যহস্তীৰ জাকটোক সেই স্থানৰ পৰা বনাঞ্চললৈ পুনৰ খেদি পঠাবৰ বাবে গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ৷ তাৰোপৰি লখিমপুৰৰ বন বিভাগে জিলাখনত প্ৰায়েই সংঘটিত হৈ অহা হাতী মানুহৰ এই সংঘাত ৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চটোৰ স্থানীয় ৰাইজে ৷

ইয়াৰ লগতে বন্যহস্তীৰ আক্ৰমণত বিধ্বস্ত হোৱা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ভুক্তভোগী পৰিয়াল দুটাক কিছু সহায় আগবঢ়াবৰ বাবে স্থানীয় ৰাইজে বিভাগীয় বিষয়াসকলৰ লগতে চৰকাৰলৈ দাবী জনাইছে ।

লগতে পঢ়ক: বন্ধ হোৱাৰ দিশে উত্তৰ-পূৱৰ প্ৰথমটো ৰে'ল ষ্টেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.