ETV Bharat / state

অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক সমাজ বহিল প্ৰতিবাদত

অধ্যাপক আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষৰ মাজত চলা মত ভেদে পালেগৈ চূড়ান্ত ৰূপ ৷ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অচলাৱস্থা৷ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ মহাবিদ্যালয়খনৰ শিক্ষক সমাজৰ ৷

অধ্যক্ষৰ বিৰুদ্ধে একেখন মহাবিদ্যালয়ৰে শিক্ষক সমাজ বহিল প্ৰতিবাদত
author img

By

Published : Sep 17, 2019, 4:43 PM IST

লখিমপুৰ, 17 চেপ্তেম্বৰঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অচলাৱস্থা ৷ অধ্যাপক আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষৰ মাজত চলা মত-ভেদে পালেগৈ চূড়ান্ত ৰূপ ৷ শৈক্ষিক পৰিৱেশ বিনষ্ট মহাবিদ্যালয়খনৰ । ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদত বহিল মহাবিদ্যালয় খনৰে শিক্ষকসমাজ ৷ অভিযোগ অনুসৰি, মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভীমসেন বেহেৰাই কোনো প্ৰমাণপত্ৰ তথা নিযুক্তি পত্ৰ নোহোৱাকৈ অধ্যক্ষৰ আসন দখল কৰিছিল ৷ ইয়াৰ বিৰুদ্ধে মহাবিদ্যালয় খনৰ শিক্ষক সকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিল ৷ কিন্তু যোৱা 7 চেপ্তেম্বৰত শিক্ষক সকলে অধ্যক্ষজনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই শিক্ষক সমাজৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ আনি স্থানীয় এখন বাতৰি কাকত বাতৰি প্ৰকাশ কৰে ভীমসেন বেহেৰাই । এই বাতৰি প্ৰকাশৰ পাছতেই মঙলবাৰে অধ্যক্ষ বেহেৰাৰ বিৰুদ্ধে মহাবিদ্যালয়ত শ্ৰেণী বৰ্জন কৰি শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে এই প্ৰতিবাদৰ জৰিয়তে অধ্যক্ষৰ অভিযোগক ভুৱা বুলি কৈ অধ্যক্ষ বেহেৰাই সমূহ শিক্ষক সমাজক অপমান কৰিছে বুলিও মন্তব্য কৰে ৷

অধ্যক্ষৰ বিৰুদ্ধে একেখন মহাবিদ্যালয়ৰে শিক্ষক সমাজ বহিল প্ৰতিবাদত

ইফালে শিক্ষক সমাজৰ সকলো অভিযোগক নস্যাৎ কৰি ভাৰপ্ৰাপ্ত অধ্যক্ষ ভীমসেন বেহেৰাৰই মহাবিদ্যালয় অনুশাসন ভংগ কৰা একাংশৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবেই শিক্ষক সকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি মন্তব্য কৰে ৷

মুঠৰ ওপৰত এতিয়া অধ্যাপক আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষৰ মাজত চলা এই দন্দই লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনতো বাধাৰ সৃষ্টি কৰাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.