ETV Bharat / state

লখিমপুৰৰ যুৱকে সাজি উলিয়ালে এটা বিশেষ ৰবট

author img

By

Published : Jan 6, 2021, 1:52 PM IST

লখিমপুৰৰ ধলপুৰৰ এজন যুৱকে আৱিস্কাৰ কৰি উলিয়াইছে এটা বিশেষ ৰবট ৷ মাত্ৰ নিৰ্দেশ দিয়া মাত্ৰকে ৰবটটোৱে পৰিস্কাৰ কৰি দিব আপোনাৰ ঘৰৰ মজিয়া ৷

As_BHP_lakhimpur-boy-invented-robot-for-cleaning-vis_ASC10039
লখিমপুৰৰ যুৱকে সাজি উলিয়ালে এটা বিশেষ ৰবট

লখিমপুৰ, 2 জানুৱাৰী : এতিয়াৰে পৰা আপোনাৰ ঘৰৰ মজিয়াখন নিজে পৰিস্কাৰ অথবা ছেনিটাইজ কৰিব নালাগে আপুনি ৷ মাত্ৰ ৰবটক নিৰ্দেশ দিয়ক আৰু মূহুৰ্ততে ৰবটটোৱে আপোনাৰ ঘৰৰ মজিয়াখন পৰিস্কাৰ কৰি দিব ৷ লখিমপুৰৰ ধলপুৰৰ এজন ছাত্ৰই আৱিস্কাৰ কৰি উলিয়াইছে এই বিশেষ ৰবটটো ৷ ধলপুৰৰ ৰাম প্ৰসাদ শইকীয়া আৰু ৰাজুমণি শইকীয়াৰ পুত্ৰ জ্ঞানোজ্জল বৰ শইকীয়াই এই উদ্ভাৱনৰ জৰিয়তে ইতিমধ্যে নাম উজ্বলাবলৈ সক্ষম হৈছে অসম বুক অৱ ৰেকৰ্ডছত ৷

বিভিন্ন শিল্পকৰ্ম আৰু সমাজসেৱাত ব্ৰতী হৈ থকা জ্ঞানোজ্জলে কৰ’ণা মহামাৰীৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ৰবটটো উদ্ভাৱনৰ বাবে মনোনিবেশ কৰে ৷ অতি কম খৰচতে এই ৰবটটো প্ৰস্তুত কৰিবলৈ জ্ঞানোজ্জল বৰ শইকীয়াক দুমাহ সময়ৰ প্ৰয়োজন হয় ৷ অতি শীঘ্ৰে এই ৰবটটো সাধাৰণ ৰাইজৰ বাবেও মুকলি কৰি দিবলৈ প্ৰস্তুত যুৱকজন ৷

লগতে পঢ়ক-ভাৰত-বাংলা সীমান্তৰ সুৰংগৰ ঘটনাক গাপ দিয়াৰ চেষ্টা বি এছ এফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.