ETV Bharat / state

Kargil Vijay Diwas 2022: কাৰ্গিলৰ চাক্ষুস অভিজ্ঞতা সুঁৱৰি আৱেগিক হৈ পৰিল শোভন চন্দ্ৰ কাকতি - বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈ

আজি কাৰ্গিল বিজয় দিৱস (Kargil Vijay Diwas 2022) ৷ আজিও প্ৰত্যকগৰাকী ভাৰতীয়ৰ মানসপটত ভাহি আহে কাৰ্গিলৰ সেই যুদ্ধৰ বৰ্ণনাতীত দৃশ্য ৷ এই দিৱসৰ দিনাই যুদ্ধক্ষেত্ৰৰ চাক্ষুস অভিজ্ঞতা সুঁৱৰি আৱেগিক হৈ পৰিছে প্ৰাক্তন সৈনিক নাৰায়ণপুৰৰ শোভন চন্দ্ৰ কাকতি ৷

Kargil Vijay Diwas 2022
যুদ্ধক্ষেত্ৰৰ চাক্ষুস অভিজ্ঞতা সুঁৱৰি আৱেগিক হৈ পৰিল শোভন চন্দ্ৰ কাকতি
author img

By

Published : Jul 26, 2022, 7:07 PM IST

Updated : Jul 26, 2022, 7:17 PM IST

বিহপুৰীয়া, ২৬ জুলাই : আজি ২৬ জুলাই । ভাৰতৰ বাবে এটা চিৰস্মৰণীয় দিন । আজি ২১ সংখ্যক কাৰ্গিল বিজয় দিৱস (Kargil Vijay Diwas 2022) । ১৯৯৯ চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা ।

প্ৰায় ডেৰমাহ দিন ধৰি চলিছিল দেশ মাতৃক ৰক্ষাৰ যুঁজ । উক্ত যুজঁত কেবা শতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহস্ৰাধিক জোৱান । তাৰ পিছতো ভাগৰি পৰা নাছিল ভাৰতীয় সেনা । শত্ৰুৰ সকলো কৌশল ওফৰাই আজিৰ দিনটোতে কাৰ্গিলত প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান । সেই দিন ধৰি উক্ত দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে ।

গোলা বাৰুদ, মিছাইলৰ শব্দই উত্তপ্ত কৰি তুলিছিল সমগ্ৰ পৰিৱেশ । য'ত আন বহুজনৰ লগতে দেশৰ কাৰণে জীৱন বলিদান দিছিল অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে । ১১ দিন পৰ্যন্ত মুখত এটুপি পানী নিদিয়াকৈয়ে যুদ্ধত অৱতীৰ্ণ হৈছিল ভাৰতীয় সেনা জোৱানসকল । তীব্ৰ খাদ্য সংকটত পৰা সৈনিক সকলৰে ৭ জন সৈনিকে মাত্ৰ এটা ৰঙালাও খাই কটাবলগীয়া হৈছিল ৪ টাকৈ দিন ।

যুদ্ধক্ষেত্ৰৰ চাক্ষুস অভিজ্ঞতা সুঁৱৰি আৱেগিক হৈ পৰিল শোভন চন্দ্ৰ কাকতি

লগতে পঢ়ক : Kargil Vijay Diwas 2022: খুমটাইত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন

আনহাতে, মৃত্যুৰ দহ দিনৰ পিছত বৰফৰ মাজৰ পৰা উদ্ধাৰ হৈছিল আন বহু জনৰ লগতে বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ নিথৰ দেহ । জিন্টু গগৈৰ সৈতে পাকিস্তানী সেনাৰে সমুখ সমৰত লিপ্ত হৈছিল অসমৰ আন এগৰাকী সৈনিক । যিগৰাকী সৈনিকৰ কোলাতে মৃত্যু বৰণ কৰিছিল বিক্ৰম সিং নামৰ এগৰাকী ভাৰতীয় সেনা জোৱানে ।

আজিও জীৱিত অৱস্থাত আছে এগৰাকী সেনা জোৱান । নাম শোভন চন্দ্ৰ কাকতি । সুদীৰ্ঘ ২৬ বছৰ কাল ভাৰতীয় সেনাবাহিনীৰ চিকিৎসা বিভাগত কৰ্মৰত এই গৰাকী সৈনিকে বিগত ২০১২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰে । অৱসৰপ্ৰাপ্ত এইগৰাকী সৈনিকৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰীত (Kargil Vijay Diwas celebrated in Lakhimpur) । বহু চৰ্চিত সেই কাৰ্গিল যুদ্ধৰ চাক্ষুস অভিজ্ঞতাৰে পুষ্ট এইগৰাকী সৈনিকে হোৱা এক বাৰ্তালাপত যুদ্ধ ক্ষেত্ৰত লাভ কৰা চাক্ষুস অভিজ্ঞতা প্ৰকাশ কৰি একপ্ৰকাৰ আবেগিক হৈ পৰে ।

উল্লেখ্য যে, অৱসৰ গ্ৰহণৰ পিছত বৰ্তমান সমাজ সেৱাৰ লগত নিজকে জড়িত কৰা একালৰ চিকিৎসা বিভাগৰ সৈনিকগৰাকী প্ৰকৃতিপ্ৰেমী বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সালোক্য সেৱা কানন, অসমৰ কাৰ্যকৰী সভাপতি, পিছলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, ৰাম গগৈ সাহিত্য গোষ্ঠী, অসমৰ প্ৰচাৰ সম্পাদক হিচাপে নিষ্ঠাৰে কাৰ্য সম্পাদন কৰাৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো সক্ৰিয়ভাৱে জড়িত হৈ আছে ৷

লগতে পঢ়ক : Kargil Vijay Diwas 2022: দেশজুৰি পালন কাৰ্গিল বিজয় দিৱস

Last Updated : Jul 26, 2022, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.