ETV Bharat / state

Laikhuta of Kopar Chapori Middle School : গুমৰাগৰ ধ্বনিত মুখৰ লখিমপুৰৰ ঘুনাসূতি

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:37 AM IST

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি মিৰি জীয়ৰী উপন্যাসৰ পটভূমি লখিমপুৰৰ ঐতিহাসিক ঘুনাসূতিত বুধবাৰে গুমৰাগৰ ধ্বনিত মুখৰিত হৈ পৰে । এখন বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে বুধবাৰে লাইখুটা স্থাপন কৰা অনুষ্ঠানত এনে প্ৰাণোচ্ছল পৰিৱেশ সৃষ্টি হয় ।

Golden Jubilee to be celebrate
ক’পাক চাপৰি মজলীয়া বিদ্যালয়ৰ লাইখুটা স্থাপন

লখিমপুৰ, ৯ নৱেম্বৰ : গুমৰাগ নৃত্যত মুখৰ হৈ পৰিল লখিমপুৰৰ ঘুনাসূতি ক’পাক চাপৰি । লখিমপুৰৰ ঐতিহাসিক ঘুনাসূতিৰ নামনি অঞ্চলৰ ক’পাক চাপৰি মুখৰ হৈ উঠিল গুমাৰাগৰ ধ্বনিত । উচ্ছল পৰিৱেশ সৃষ্টি হ’ল ছাত্ৰ-ছাত্ৰীৰ নৃত্য গীতত ।

বুধবাৰে ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীৰ সহযোগে পৰিৱেশটো অধিক প্ৰাণোচ্ছল কৰি তোলে । এখন বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে আয়োজিত লাইখুটা স্থাপন অনুষ্ঠানক কেন্দ্ৰ কৰি বুধবাৰে এই পৰিৱেশ সৃষ্টি হয় লখিমপুৰৰ ঘুনাসূতি ৷

উল্লেখ্য যে, ১৯৭২ চনত স্থাপন কৰা এই ক’পাক চাপৰি মজলীয়া বিদ্যালয়খনে গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে । সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে বুধাবাৰে লাইখুটা স্থাপন কৰা হয় ৷ তথ্য অনুসৰি, আগন্তুক ডিচেম্বৰ মাহৰ ১৮ আৰু ১৯ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ কৰিব ক’পাক চাপৰি মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ ।

সংবাদ মাধ্যমৰ আগত আয়োজকসকলে উল্লেখ কৰা অনুসৰি, এই সোণালী জয়ন্তী উৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসমৰ চৰকাৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা ৷ লগতে এই অনুষ্ঠাত আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা আছে । অঞ্চলবাসীয়ে তেওঁলোকৰ মৰমৰ বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱটি সফল কৰি তুলিবলৈ সকলো কাৰ্যসূচীতে আনন্দ মনেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

অঞ্চলবাসীৰ সহযোগিতা দেখি আনন্দিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষও ৷ এই লখিমপুৰৰ ঘুনাসূতি ক’পাক চাপৰি মজলীয়া বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱে ঐতিহাসিক ঘুনাসূতিক আকৌ এবাৰ জাকজমকতাৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ সকলো সাজু হৈ উঠিছে ।

লগতে পঢ়ক : Foundation day of AJP; লক্ষ্য : লোকসভা নিৰ্বাচন 2024; ডিব্ৰুগড়ত আয়োজন অজাপৰ জিলা অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.