ETV Bharat / state

Elephant menace in Lakhimpur: লখিমপুৰৰ ফুলবাৰী নাহৰণীত বন্যহস্তীৰ তাণ্ডৱ - Elephant menace at phulbari

ৰাজ্য়ত হাতী-মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰি আহিছে (Elephant destroyed house in Lakhimpur) । বিভিন্ন প্ৰান্তত হাতীৰ মুক্ত বিচৰণে ৰাইজৰ নিদ্ৰা হৰণ কৰিছে । ইয়াৰ মাজতেই এইবাৰ অসম-অৰুণাচল সীমান্তৰ ফুলবাৰী নাহৰণীত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ ।

Elephant terror in Lakhimpur
লখিমপুৰত হাতী-মানুহৰ সংঘাত অব্যাহত
author img

By

Published : Feb 14, 2023, 9:34 AM IST

লখিমপুৰত হাতী-মানুহৰ সংঘাত অব্যাহত

লখিমপুৰ, ১৪ ফেব্ৰুৱাৰী: ৰাজ্যৰ বন বিভাগে বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিৰোধৰ বাবে বিভিন্ন সময়ত ব্য়ৱস্থা গ্ৰহণ কৰি আহিছে যদিও ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam)। দৈনিক বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাটৰ এই ঘটনা । ৰাজ্য়ত বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই অহাত খাদ্যৰ সন্ধানত সঘনাই জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে ক'ৰবাত যদি ঘৰ ভাঙিছে, আন ক'ৰবাত আকৌ তহিলং কৰিছে খেতি তথা বাৰীৰ পাচলি ৷ এনে উপদ্ৰৱৰ সমান্তৰালভাৱে বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে ৷ শেহতীয়াকৈ লখিমপুৰ জিলাৰ কেইবাটাও স্থানত বিচৰণ কৰি থকা বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰিছে স্থানীয় ৰাইজৰ ।

জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ ফুলবাৰী নাহৰণীত বনৰীয়া হাতীয়ে চলাইছে সন্ত্ৰাস (Elephant terror at Lakhimpur)। জিলাখনৰ ঘাইকৈ অৰুণাচল সীমান্তৰ বিভিন্ন এলেকাত প্ৰায়েই বন্যহস্তীৰ আক্রমণ চলি আহিছে । এই বৃহত্তৰ অঞ্চলটোত বহু লোকে হাতীৰ আক্রমণত ঘৰ-বাৰী, সা সম্পত্তি হেৰুওৱাৰ লগতে প্ৰাণো হেৰুৱাবলগীয়া হৈছে । দেওবাৰে নিশা জিলাখনৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত হাতীয়ে উপদ্রৱ চলোৱাত ৰাইজ আতংকি হৈ পৰে । ইয়াৰ মাজতে এটা বনৰীয়া হাতীয়ে কেও কিছু নথকা মায়া মগৰ নামৰ এগৰাকী বিধবা মহিলাৰ ঘৰটো ভাঙি লণ্ডভণ্ড কৰে ।

ভুক্তভোগী দূৰ্ভগীয়া মহিলাগৰাকীয়ে উল্লেখ কৰা মতে, নিশা প্ৰায় 2 মান বজাত আহিছিল এই বনৰীয়া হাতীটো (Elephant menace at Phulbari Naharani)। হাতীটোৱে মায়া মগৰৰ ঘৰটো ভাঙি লণ্ডভণ্ড কৰাৰ মাজতে কোনোমতে প্ৰাণ লৈ পলাই সাৰিবলৈ সক্ষম হয় মহিলাগৰাকী । আতংকিত মহিলগৰাকীয়ে ওচৰৰে এটা পৰিয়ালৰ ঘৰত আশ্ৰয় লৈ নিজৰ জীৱনটো কোনোমতে ৰক্ষা কৰে । উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি খাদ্যৰ সন্ধানত এনেদৰে ওলাই আহি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এই হাতীটোৱে । ইতিমধ্যে বনকৰ্মীৰ লগতে স্থানীয় পঞ্চায়ত সভানেত্ৰী ঘটনাস্থলীত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লৈছে । বন বিভাগৰ কৰ্মচাৰীয়ে মহিলাগৰাকীক সহায়ৰ হাত আগবঢ়োৱাৰো আশ্বাস দিছে ।

ইপিনে, বন বিভাগৰ লোকে হাতীটোক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানেও খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই (Public demand for protection from elephant) । আনহাতে, জিলাখনৰ বিভিন্ন ঠাইত বন্যহস্তীয়ে সত্ৰাসৰ সৃষ্টি কৰি অহাত ৰাইজে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে । নিশা হ'লেই জনাঞ্চলত প্ৰৱেশ কৰে বন্যহস্তীয়ে । হাতীৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বন বিভাগক ৰাইজে আহ্বান জনাইছে যদিও কোনো সুফল পোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:Exam Paper Leaked: কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিল; প্ৰশ্নকাকত ছপোৱা প্ৰেছৰ গৰাকীক তলব আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.