ETV Bharat / state

লখিমপুৰৰ শতজান জলাশয়ত পক্ষী নিধন

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 4:33 PM IST

লখিমপুৰ নগৰৰ প্ৰৱেশদ্বাৰ স্বৰূপ পহুমৰা এলেকাত আছে শতজান নামৰ এটা বিশাল জলাশয় । দেশী-বিদেশী চৰাইৰ কাকলিৰে বছৰজুৰি মুখৰ হৈ থকা জলাশয়টোত এতিয়া চলিছে পক্ষী নিধন । দুষ্কৃতিকাৰীয়ে বিহ দি পক্ষী নিধন কৰাৰ সন্দেহ কৰিছে ৰাইজে ।

Bird killed in Lakhimpur Shatajan reservoir
লখিমপুৰৰ শতজান জলাশয়ত পক্ষী নিধন
লখিমপুৰৰ শতজান জলাশয়ত পক্ষী নিধন

লখিমপুৰ,২১ নৱেম্বৰ: লখিমপুৰৰ শতজানত চলিছে পক্ষীৰ নিধন। দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰাৰ সন্দেহ । লখিমপুৰ নগৰৰ সমীপৰ পহুমৰা এলেকাত অৰুণাচলৰ কিমিন সংযোগী পথৰ দাঁতিতে থকা শতজান জলাশয়টো এতিয়া পৰিভ্ৰমী পক্ষীৰ বধ্যভূমিত পৰিণত হৈছে । জলাশয়টোৰ বিভিন্ন স্থানত পৰি ৰৈছে মৃত পক্ষী। যোৱা কেইদিনমানৰ পৰা জলাশয়টোত এনে দৃশ্য সুলভ হৈ পৰিছে ।

উল্লেখ্য এই জলাশয়টোত বছৰৰ ১২ মাহেই থলুৱা পক্ষীয়ে বিচৰণ কৰে । বতৰ অনুসৰি আহে পৰিভ্ৰমী পক্ষী । চাইবেৰিয়া, অষ্ট্ৰেলিয়া আদি বিভিন্ন দেশৰ পৰিভ্ৰমী পক্ষী বতৰ অনুসৰি এই জলাশয়টোলৈ আহে। যাৰ বাবে বছৰ জুৰি পক্ষীৰ কলৰৱত জলাশয়টো মুখৰিত হৈ থাকে । পক্ষীৰ জলকেলি চাবলৈ জলাশয়টো লৈ পৰ্যটক, ছাত্র-ছাত্রী আৰু প্ৰকৃতিপ্ৰেমী লোকৰ সোঁত বয় ।

ৰঙানদীৰ কাষতে থকা জলাশয়টোৰ সেউজ আভা, পক্ষীৰ জলকেলি আদিয়ে এক নান্দনিক পৰিৱেশ সৃষ্টি কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰে । কেৱল পক্ষীয়েই নহয় বিভিন্ন ধৰণৰ জলজ প্রাণীৰো বসতি স্থল এই জলাশয় । চৰকাৰীভাৱে স্বীকৃতি লাভ নকৰিলেও জলাশয়টোৱে পক্ষী উদ্যান বুলিয়েই চিনাকী লাভ কৰি আহিছে ।

এনেহেন প্ৰকৃতিৰ নৈসৰ্গিক শোভাত এতিয়া চলিছে দুষ্কৃতিকাৰীৰ অত্যাচাৰ । মাংসৰ লোভত বিহ দি নিৰীহ চৰাই বধ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই লৈ প্ৰকৃতি প্ৰেমী সংগঠন তথা প্ৰকৃতি প্ৰেমী ৰাইজ ক্ষোভিত হৈ পৰিছে । শতজান ৰঙানদী প্ৰকৃতি সুৰক্ষা সমিতিৰ সভাপতি উদয় শংকৰ হাজৰিকা, সম্পাদক বিপিন মৰাং আদিয়ে এই লৈ উদ্বেগ প্রকাশ কৰা পৰিলক্ষিত হৈছে ।

তেওঁলোকে বন বিভাগ আৰু জিলা প্ৰশাসনক এই ক্ষেত্ৰত ব্যবস্থা গ্রহণ কৰাৰ দাবী জনাইছে । লখিমপুৰৰ সচেতন তথা প্ৰকৃতি প্ৰেমী যুৱক হামিদুৰ ৰহমানেও জলাশয়টোত নিৰীহ পক্ষীৰ হত্যা ৰোধ কৰাত ক্ষীপ্ৰ ব্যবস্থা গ্রহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে ।

লগতে পঢ়ক: তেজপুৰ পাঞ্জাৱ নেচনেল বেংকত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.