ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে লিপষ্টিক লগাই হৰ্ডিং লগাইছে, নবৌহঁতৰ লিপষ্টিক কিনিবলৈ পইচা নাই : ভূপেন বৰা

author img

By

Published : Oct 22, 2022, 5:53 PM IST

অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (DAC election 2022) ৷ বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ চলাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী সভাপতি ভূপেন বৰাই । প্ৰচাৰ সভাত বিজেপি আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ভূপেন বৰাৰ ।

DAC election
মুখ্যমন্ত্ৰীয়ে লিপষ্টিক লগাই হৰ্ডিং লগাইছে

বিহপুৰীয়া,২২ অক্টোবৰ : বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা (Controversial statement of Bhupen Bora)। কেতিয়াবা যদি নিজৰ কবিতাৰে কেতিয়াবা আকৌ বিৰোধীক সমালোচনা কৰি বাতৰিৰ শিৰোনাম দখল কৰে ভূপেন বৰাই । এইবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি চৰ্চা লাভ কৰিছে ভূপেন বৰাই (Bhupen Bora slams Assam CM)।

ভূপেন বৰাই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে মুখখনত মেকআপ কৰি ওঠত লিপষ্টিক লগোৱা ফটোৰে ডাঙৰ ডাঙৰ হৰ্ডিং লগায় । তেনে হৰ্ডিং লগালেই অসমখন ধুনীয়া নহয় বুলি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ভূপেন বৰাই ।

উল্লেখ্য যে ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (DAC election 2022)৷ ইতিমধ্যে এই নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কংগ্ৰেছ দলো ৷ শনিবাৰে নাৰায়ণপুৰৰ ১৫ নং বৰদেউৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মহেন দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই (Bhupen Bora election campaign in Bihpuria)৷

সভাত অংশলৈ ভাষণ প্ৰসংগত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীক কটু সমালোচনা কৰে ভূপেন বৰাই । ভাষণ প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে মুখত মেকআপ লৈ ফটো তুলি হৰ্ডিং লগোৱা বিষয়টো উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । তেওঁৰ মতে মুখ্যমন্ত্ৰীয়ে লিপষ্টিক লগাইছে কিন্তু নবৌহঁতৰ লিপষ্টিক কিনিবলৈ পইচা নাই ।

সভাপতি গৰাকীয়ে ২২ টা সমষ্টিৰ ভিতৰত মুঠ ১৪ টা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে ৮ টা সমষ্টিত মিত্ৰ দল জেপিপি দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সংবাদ মাধ্যমক জনায় ৷ ইফালে বিজেপিৰ হেলিকপ্টাৰ ৰাজনীতিক সমালোচনা কৰি কয় যে ৰাইজে হেলিকপ্টাৰৰ ধোৱা দেখি ভোট নিদিয়ে । ভূপেন বৰাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া বিজেপি নেতাসকলে কিদৰে দিয়ে সেয়া লক্ষণীয় হ'ব । কিন্তু এটা কথা নিশ্চিত যে নিৰ্বাচন আহিলেই অসমৰ ৰাজনৈতিক নেতাসকলে ইজনে সিজনক কৰা সমালোচনাই বিভিন্নজনক আমোদ দিয়ে ।

লগতে পঢ়ক :Basistha Dev Sharma passes away : বুঢ়াসত্ৰীয়া বশিষ্ট দেৱশৰ্মাৰ মহাপ্ৰয়াণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.