ETV Bharat / state

বান সাহাৰ্য প্ৰদানৰ দাবীত নাওবৈচাত AJYCPৰ উত্তাল প্ৰতিবাদ - ৰঙা নৈ

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত দহ দিন ধৰি নাওবৈচাৰ ৩০খনকৈ গাঁও জলমগ্ন হোৱাত বিস্তৰ ক্ষতি সাধন হৈছে ৰাইজৰ ৷ বানাক্ৰান্ত লোক সকলক পৰ্যাপ্ত বান সাহায্য প্ৰদান কৰাৰ দাবীত শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নাওবৈচাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে ৷

AJYCP protest demanding flood relief In Naubaisha
বান সাহাৰ্য প্ৰদানৰ দাবী নাওবৈচাত AJYCPৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Jun 11, 2021, 10:59 PM IST

নাওবৈচা,11 জুন : ৰঙানদী জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ লগতে শিঙৰা নৈৰ বানত ক্ষতিগ্ৰস্ত বানাক্ৰান্তক পৰ্যাপ্ত বান সাহায্য প্ৰদান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাওবৈচা আঞ্চলিক সমিতিয়ে উত্তাল কৰে প্ৰতিবাদ সাব্যস্ত কৰে । ক'ভিড-১৯ ৰ জটিল পৰিস্থিতিত লখিমপুৰ জিলাৰ নাওবৈচাত ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়াত ৰঙা নৈপৰীয়া লোকৰ বিস্তৰ ক্ষতিসাধন হৈছে । ইয়াৰ উপৰিও শিঙৰা নদীৰ সংহাৰী বানে যোৱা দহটা দিনে নাওবৈচাৰ ৩০খনকৈ গাঁও প্লাৱিত কৰাৰ ফলত হাজাৰ-হাজাৰ লোকৰ অন্ন বস্ত্ৰ বাসস্থান নিঃশেষ কৰি জীৱন বিপদাপন্ন কৰি তুলিছে ।

বান সাহাৰ্য প্ৰদানৰ দাবী নাওবৈচাত AJYCPৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, বানাক্ৰান্ত ৰাইজক মাত্ৰ এবাৰ বান সাহাৰ্য প্ৰদান কৰিয়েই দায়িত্ব সামৰা বুলি অভিযোগ তুলি জিলা প্ৰশাসন তথা চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৱে নাওবৈচা ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে শিঙৰা ৰঙানৈ বানে বিধ্বস্ত কৰা অঞ্চলসমুহৰ বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত বান সাহাৰ্য, চিকিৎসা সেৱা,পশুধনৰ খাদ্য দিয়াৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে।

শীঘ্ৰে যদি বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত খাদ্য সামগ্ৰী প্ৰদান নকৰে, তেনেহ'লে অনাগত দিনত জংগী আন্দোলনৰ গঢ়ি তুলিব বুলিও সংগঠনটোৰ সদস্য সকলে হুংকাৰ দিয়াৰ লগতে নাওবৈচা ৰাজহ চক্ৰ বিষয়া ড৹ ৰাহুল পেগুক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত লখিমপুৰ জিলা সমিতিৰ সভাপতি হৰেন বৰুৱা, সম্পাদক মোবিন আহমেদ লগতে সংগঠনটোৰ বহুকেইজন সদস্য অংশগ্ৰহণ কৰে।

লগতে পঢ়ক-ক’ভিড ৰোগীৰ মৃত্যু সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তদন্তৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.