ETV Bharat / state

নাওবৈচাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক উষ্ম আদৰণি

author img

By

Published : Mar 8, 2021, 12:39 PM IST

আন আন সমষ্টিসমূহৰ লগতে নাওবৈচাতো পচন্দৰ প্ৰাৰ্থীক আদৰণি জনাইছে দলীয় নেতা-কৰ্মীয়ে ৷ দেওবাৰে নিশা অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড সমষ্টিত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন প্ৰান্তৰ সমৰ্থকসকলে ফুলৰ মালা, ফুলাম গামোচাৰে উষ্ম আদৰণি জনায় ৷

নাওবৈচাত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক উষ্ম আদৰণি

নাওবৈচা,৮ মাৰ্চ: সোমবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দিন ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলক উষ্ম আদৰণি জনাইছে দলীয় কৰ্মীসকলে ৷ আন আন সমষ্টিসমূহৰ লগতে নাওবৈচাতো পচন্দৰ প্ৰাৰ্থীক আদৰণি জনাইছে দলীয় নেতা-কৰ্মীয়ে ৷ দেওবাৰে নিশা অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ড সমষ্টিত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন প্ৰান্তৰ সমৰ্থকসকলে ফুলৰ মালা, ফুলাম গামোচাৰে উষ্ম আদৰণি জনায় ৷

এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে দলীয় সমৰ্থকসকলে খাউণ্ডক আদৰি নিয়ে ৷ প্ৰাৰ্থীগৰাকীয়ে সমৰ্থকৰ মৰমত অভিভূত হৈ নিৰ্বাচনী ৰণত ১০০ শতাংশ জয়ী হ'ব বুলি আত্মবিশ্বাসী হৈ পৰে ৷ দলীয় জ্যেষ্ঠ কৰ্মীৰ আশীৰ্বাদ লৈ প্ৰাৰ্থী গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, প্ৰতিটো নিৰ্বাচনতে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সমষ্টিটোত নিজৰ দখলত ৰাখিবৰ বাবে এইবাৰ কংগ্ৰেছ দলৰ লগতে বিজেপিয়েও ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ৷ কিন্তু পৰৱৰ্তী সময়তহে দেখা যাব সমষ্টিবাসীয়ে কাক দিয়ে আসন দখলৰ সুযোগ ৷

লগতে পঢ়ক: বিলাসীপাৰাত ডা৹ কানুলাল দাসক প্ৰাৰ্থিত্ব প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.