লখিমপুৰ,4 জানুৱাৰী : লখিমপুৰৰ চিকিৎসক, নাৰ্চবিহীন এখন হাস্পতাল ৷ বিগত দহ বছৰ ধৰি চিকিৎসক অবিহনেই পৰি ৰৈছে হাস্পতালখন ৷ এই হাস্পতালখন হৈছে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীৰ দহখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় ৷
লক্ষাধিক টকা ব্যয়ৰে প্ৰায় দহ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল এই চৰকাৰী হাস্পতালখন ৷ কিন্তু অৰুণাচল সীমান্তৱৰ্তী অতি পিছপৰা অঞ্চলটোৰ জনসাধাৰণে চিকিৎসক, নাৰ্চ নথকাৰ বাবে পৰা হাস্পতালখনৰ পৰা লাভ কৰা নাই কোনো সুবিধা ৷ যাৰ ফলস্বৰূপে 40 কিলোমিটাৰ বাটকুৰি বাই চিকিৎসাৰ বাবে লখিমপুৰলৈ যাবলগীয়া হয় ফুলবাৰীবাসীয়ে ।
সম্প্ৰতি পৰিত্যক্ত অৱস্থাত আছে এই হাস্পতালখন ৷ শীঘ্ৰেই হাস্পতালখনত স্বাস্থ্য কৰ্মীক নিযুক্তি প্ৰদান কৰি নূন্যতম সুবিধা প্ৰদানৰ বাবে স্বাস্থ্য বিভাগক দাবী জনাইছে অঞ্চলবাসী তথা ছাত্ৰ সংগঠনে ৷
লগতে পঢ়ক : শ্ৰীপুৰীয়া ফুটবল একাডেমীৰ দখলত বেংমৰা কাপ 2020