কোকৰাঝাৰ 20 মাৰ্চ: "ৰাজনীতিত নতুনকৈ অহা মুনমুন ব্ৰহ্মই ৰাজনীতি আৰু শিষ্টাচাৰ শিকক ৷ বিটিআৰৰ 32 লাখ জনতাক নেতৃত্ব দিয়া এগৰাকী ব্যক্তি প্ৰমোদ বড়ো ৷ প্ৰমোদ বড়োৰ বিৰুদ্ধে হকে-বিহকে মন্তব্য কৰাটো নিন্দনীয় ৷" এই মন্তব্য ইউপিপিএল দলৰ যুৱ গোটৰ সভাপতি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ নিলুৎ স্বৰ্গীয়াৰীৰ (Pramod Boro CEM BTC) ৷
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ খুলশালীয়েক তথা পৰ্বতঝোৰা সমষ্টিৰ বিপিএফ পাৰিষদ মুনমুন ব্ৰহ্মই শেহতীয়াকৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক মন্তব্য আগবঢ়োৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউপিপিএল দলে ৷ এই সন্দৰ্ভত কোকৰাঝাৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত দেওবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে দলটোৱে (Press conference of UPPL) ৷
সংবাদমেলত ইউপিপিএল দলৰ যুৱ গোটৰ সভাপতি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ নিলুৎ স্বৰ্গীয়াৰীয়ে বিপিএফৰ পাৰিষদ তথা হাগ্ৰামা মহিলাৰীৰ খুলশালীয়েক মুনমুন ব্ৰহ্মক উভতি ধৰে ৷ তেওঁ কয় যে "আজিৰ তাৰিখত প্ৰমোদ বড়ো এজন সাধাৰণ লোক নহয় ৷ বিটিআৰৰ 32 লাখ জনতাক নেতৃত্ব দিয়া এগৰাকী চীফ প্ৰমোদ বড়ো ৷ গতিকে প্ৰমোদ বড়োৰ বিৰুদ্ধে হকে বিহকে মন্তব্য কৰাটো সমীচিন হোৱা নাই ৷ এয়া অতিশয় নিন্দনীয় ৷"
সংবাদমেলত পাৰিষদ মুনমুন ব্ৰহ্মৰ মন্তব্য সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ড৹ নিলুৎ স্বৰ্গীয়াৰীয়ে (UPPL Youth Wing President Press Conference) ৷ মুনমুন ব্ৰহ্মই বিটিচি হাগ্ৰামা মহিলাৰীৰ বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইউপিপিএলৰ নেতাজনে কয় বিটিচি হওক বা বিটিআৰ হওক, কাৰো পৈতিৃক সম্পত্তি নহয় ৷ বড়ো ৰাইজৰ সংগ্ৰাম আৰু ত্যাগৰ ফলশ্ৰুতিহে ৰাইজে বিটিচি পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে নেতাজনে ৷
আনহাতে, বিপিএফৰ পাৰিষদ মুনমুন ব্ৰহ্মক উদ্দেশ্যি, ৰাজনীতিত নতুনকৈ আহিছে যেতিয়া ৰাজনীতি আৰু শিষ্টাচাৰ শিকক বুলিও মন্তব্য কৰে ইউপিপিএলৰ নেতা গৰাকীয়ে । লগতে মুনমুন ব্ৰহ্মক এনে যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈও সকীয়াই দিয়ে ইউপিপিএলৰ নেতা গৰাকীয়ে (Nilut Swargiary slams Munmun Brahma) ৷