ETV Bharat / state

কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ শংকিত স্থানীয় ৰাইজ

author img

By

Published : Jun 10, 2020, 5:42 PM IST

কোৱাৰেণ্ট কেন্দ্ৰত থকা যুৱকৰ সৈতে বিনা বাধাই মিলিত হ'ব পাৰে পৰিয়ালৰ লোক! পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা নথকাৰ অভিযোগ স্থানীয় লোকৰ ।

কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ শংকিত স্থানীয় ৰাইজ
কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ শংকিত স্থানীয় ৰাইজ

কৰিমগঞ্জ, 10 জুনঃ ৰাতাবাৰীৰ নিভিয়া বজাৰৰ আবাসিক এলেকাত থকা বোধন এইচ এচ স্কুল কোৱাৰেন্টাইন কেন্দ্ৰৰ সুৰক্ষাক লৈ অসন্তুষ্ট হৈ পৰিছে স্থানীয় ৰাইজ । কিয়নো কেন্দ্ৰটোলৈ সহজেই অহা যোৱা কৰিব পাৰে যি কোনো লোক । স্থানীয় লোকৰ অভিযোগ মতে কেন্দ্ৰটোত থকা যুৱকক পৰিয়ালৰ লোকে আহি খাদ্যৰ যোগান ধৰাৰ লগতে বিনা বাধাই মিলা মিছা কৰি আহিছে ।

উল্লেখ্য যে, বহিঃ ৰাজ্যৰ পৰা উভতি অহা শতাধিক লোক এই কেন্দ্ৰটোত কোৱাৰেণ্টাইন হৈ আছে । কেন্দ্ৰটোৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ আছে দুজনকৈ আৰক্ষীৰ জোৱানো । কিন্তু কেন্দ্ৰটোৰ পিচ দিশে কোনো সুৰক্ষা ব্যৱস্থা নথকাত সেইপিনেৰেই লোক আহি ভিতৰত থকা লোকৰ লগত মিলা মিছা কৰে । আৰু মিলামিছা কৰি গৈ সেই লোক সকলে য'ত ত'ত ঘূৰি ফুৰে । যাৰ ফলত অস্বস্তিত পৰিছে অঞ্চলটোৰ স্থানীয় বাসিন্দা সকল । এনেবোৰ কাৰ্যৰ বাবে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ আশংকা কৰিছে লোক সকলে ।

লগতে চাওকঃ বাঘজানৰ পৰিস্থিতি পৰিদৰ্শন পলাশ চাংমাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.