কোকৰাঝাৰ 25 ছেপ্টেম্বৰ: শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ মৈদাৰখৰোস্থিত দলীয় কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত চৰকাৰৰ সদিচ্ছাক আদৰণি জনাই প্ৰমোদ বড়োৱে কয় যে এয়া সমগ্ৰ বিটিআৰবাসী ৰাইজৰ বাবে এটা উল্লেখযোগ্য দিন ৷ তাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,এনডিএফবিৰ চাৰিওটা গোট,ইউবিপিঅ এৰ নেতৃবৃন্দলৈ কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰমোদ বড়োৱে ৷
চলিত ছেপ্তেম্বৰ মাহৰ ২০ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এমাহৰ ভিতৰত বিটিআৰ চুক্তিৰ দফা সমূহ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল ৷ সেই অনুযায়ী আজি বিটিআৰ চুক্তি ৰূপায়ণৰ প্ৰথম পদক্ষেপ হিচাপে বিটিএডিৰ সলনি বিটিআৰ হিচাপে ঘোষণা কৰিলে ৷ এনেদৰে কয় প্ৰমোদ বড়োৱে ৷ ইয়াৰ জৰিয়তে বিটিআৰ চুক্তিৰ আন আন দফা সমূহ ৰূপায়ণৰ দিশ অধিক ত্বৰান্বিত হ'ব ৷ লগতে বিটিআৰ চুক্তি অনুযায়ীয়েই কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়ো কছাৰী সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা দিয়া,বিটিআৰ বহিৰ্ভূত অসমৰ একৈশ খন জিলাত বসবাস কৰা বড়োসকলৰ বাবে বড়ো কছাৰী শায়ত্ব পৰিষদ গঠন কৰাৰ বাবেও ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰিছে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ৷
ইপিনে বড়ো সকলৰ সশস্ত্ৰ সংগঠন বোৰক আলোচনাৰ মাধ্যমেৰে যেনেদৰে সমাজৰ মূলসুঁতিলৈ ঘূৰাই আনি শান্তিৰ পথ মুকলি কৰিছে ঠিক তেনেকৈয়ে যুদ্ধবিৰত সশস্ত্ৰ আদিবাসী সংগঠন সমূহৰ উপৰিও আন জাতি,জনগোষ্ঠীৰ অস্ত্ৰধাৰী সংগঠন সমূহৰ সমস্যাবোৰ আলাপ আলোচনাৰ মাধ্যমেৰে সমাধানৰ পথ উদ্ভাৱন কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে প্ৰমোদ বড়োৱে ৷
সংবাদমেলত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিএডিৰ সলনি বিটিআৰ কৰাটো অসাংবিধানিক বুলি মন্তব্য প্ৰদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰমোদ বড়োৱে কয় যে দেশৰ সংবিধানৰ গণ্ডীৰ ভিতৰত স্বাক্ষৰিত চুক্তি অনুযায়ী কাম কৰাটো অসাংবিধানিক হ'ব নোৱাৰে ৷ ইপিনে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰ কৰাৰ দাবীৰে আজি বিপিএফ দলে কোকৰাঝাৰ চহৰত উলিওৱা সমদলটোক এক নাটক আখ্যা দিয়ে বড়োৱে ৷ বিপিএফ দল এতিয়াও বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ অংশীদাৰ হৈ আছে আৰু এতিয়াও বিপিএফৰ তিনি গৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে মন্ত্ৰীত্বৰ পদ এৰা নাই কিয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে প্ৰমোদ বড়োৱে ৷
উল্লেখ্য যে আনক সমালোচনা আৰু সন্দেহ কৰাৰ আগতে নিজৰ মুখখন চাই লোৱাটো প্ৰয়োজন বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে প্ৰমোদ বড়োৱে ৷
লগতে চাওকঃ ৰাভা হাছং অঞ্চল পৰিদৰ্শন মুখ্য কাৰ্যবাহী সদস্য তংকেশ্বৰ ৰাভাৰ