গোঁসাইগাঁও, 9 চেপ্তেম্বৰ : অসমত এন আৰ চি চূড়ান্ত হোৱাৰ পাচত আন্দোলত কঁপি উঠিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ । তৃণমূল কংগ্ৰেছে এন আৰ চিৰ বিৰুদ্ধে হাতত লৈছে আন্দোলনৰ কাৰ্যসূচী । অসমৰ দৰে পশ্চিমবংগত এন আৰ চিৰ নামত ভাৰত চৰকাৰে প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰে আৰু নাগৰিকপঞ্জী বংগত কৰিব নোৱাৰাৰ উদ্দেশ্যৰে এই অংশ গ্ৰহণ কৰে আন্দোলনৰ কাৰ্যসূচী ৷ আজি আলিপুৰদুৱাৰ জিলা তৃণমূল কংগ্ৰেছৰ শীর্ষ নেতা কর্মীৰ উদ্যোগত সীমান্তৱৰ্তী এলেকা বাৰ ভিশাত বিশাল সমদল কৰাৰ লগতে ৰাষ্ট্ৰীয় পথত সভা অনুষ্ঠিত কৰে । উক্ত সভাত অলিপুৰদুৱাৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি অভিজিত বৰুৱা, সাংসদ দশৰথ তিৰ্কী উপস্থিত থাকে । প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ বিৰুদ্ধে শ্ল’গানেৰে উত্তাল কৰে ৰাষ্ট্ৰীয়পথ । ভাৰত চৰকাৰে এন আৰ চিৰ নাম লৈ অসমত 19 লাখ লোকক বিভিন্ন প্ৰকাৰে অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে হাৰাশাস্তি দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
অসম-বংগ সীমান্তত এন আৰ চিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ বিশাল ৰেলী - ৰাষ্ট্ৰীয় পথ অৱৰোধ
তৃণমূল কংগ্ৰেছে এন আৰ চিৰ বিৰুদ্ধে হাতত লৈছে আন্দোলনৰ কাৰ্যসূচী ৷ নাগৰিকপঞ্জী বংগত কৰিব নোৱাৰাৰ উদ্দেশ্যৰে এই অংশ গ্ৰহণ কৰে আন্দোলনৰ কাৰ্যসূচী
গোঁসাইগাঁও, 9 চেপ্তেম্বৰ : অসমত এন আৰ চি চূড়ান্ত হোৱাৰ পাচত আন্দোলত কঁপি উঠিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগ । তৃণমূল কংগ্ৰেছে এন আৰ চিৰ বিৰুদ্ধে হাতত লৈছে আন্দোলনৰ কাৰ্যসূচী । অসমৰ দৰে পশ্চিমবংগত এন আৰ চিৰ নামত ভাৰত চৰকাৰে প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰে আৰু নাগৰিকপঞ্জী বংগত কৰিব নোৱাৰাৰ উদ্দেশ্যৰে এই অংশ গ্ৰহণ কৰে আন্দোলনৰ কাৰ্যসূচী ৷ আজি আলিপুৰদুৱাৰ জিলা তৃণমূল কংগ্ৰেছৰ শীর্ষ নেতা কর্মীৰ উদ্যোগত সীমান্তৱৰ্তী এলেকা বাৰ ভিশাত বিশাল সমদল কৰাৰ লগতে ৰাষ্ট্ৰীয় পথত সভা অনুষ্ঠিত কৰে । উক্ত সভাত অলিপুৰদুৱাৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি অভিজিত বৰুৱা, সাংসদ দশৰথ তিৰ্কী উপস্থিত থাকে । প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ বিৰুদ্ধে শ্ল’গানেৰে উত্তাল কৰে ৰাষ্ট্ৰীয়পথ । ভাৰত চৰকাৰে এন আৰ চিৰ নাম লৈ অসমত 19 লাখ লোকক বিভিন্ন প্ৰকাৰে অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে হাৰাশাস্তি দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
Feed Name :- Gossaigaon Rally against NRC.
Rpt :- Biswajit choudhury, Gossaigaon.
Date :-9/9/19.
Anchore :- অসমত এন আৰ চি চূড়ান্ত হোৱাৰ পিছত আন্দোলত কপি উঠিছে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ। তৃণমূল কংগ্ৰেছ এন আৰ চিৰ বিৰুদ্ধে হাতত লৈছে আন্দোলন কাৰ্যসূচী।
Body:
S/O :- অসমৰ দৰে পশ্চিম বংগত এন আৰ চিৰ নামত ভাৰত চৰকাৰে প্ৰকৃত নাগৰিকক হাৰাশাস্তি দিব নোৱাৰে আৰু নাগৰিকৰ ক্ষমতা বিনষ্টকাৰী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বংগত কৰিব নোৱাৰে তাৰ উদ্দেশ্য আগত ৰাখি ৰাইজক সজাগ কৰিবলৈ তৃণমূল কংগ্ৰেছ দলৰ নেতা কর্মী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে।আজি অলিপুৰদুৱাৰ জিলা তৃণমূল কংগ্ৰেছৰ শীর্ষ নেতা কর্মীৰ উদ্যোগত সীমান্তৱৰ্তী এলেকা বাৰভিশাত বিশাল সমদল কৰাৰ লগতে ৰাষ্ট্ৰীয় পথত সভা অনুষ্ঠিত কৰে। উক্ত সভাত অলিপুৰদুৱাৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি অভিজিত বৰুৱা, সাংসদ দশৰথ তিৰকী উপস্থিত থাকে। হেজাৰ হেজাৰ পুৰুষ মহিলা অসম বংগৰ সীমামূৰীয়া এলেকা বাৰভিশাত বিশাল সমদলত অংশ গ্ৰহণ কৰে। ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাই পথত হেজাৰ হেজাৰ পুৰুষ - মহিলাৰ হাতে হাতে বেনাৰ, প্লেকাদ লৈ শোলগান দিয়ে। তৃণমূল কংগ্ৰেছৰ উদ্যোগত এই সমদল । এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক কেন্দ্ৰ চৰকাৰে নাগৰিকক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত এই সমদল ।বাৰভিশাৰ বিবেকানন্দ ক্লাৱৰ খেল পথাৰৰ পৰা অসম বংগ সীমান্ত অভিমুখে সমদল কৰে । Conclusion: । ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি কেন্দ্ৰীয় চৰকাৰ বিজেপি বিৰুদ্ধে শ্লোগানেৰে উত্তাল ৰাষ্ট্ৰীয় পথ । ভাৰত চৰকাৰে এন আৰ চিৰ নাম লৈ অসমত ১৯ লাখ লোকক বিভিন্ন প্ৰকাৰে অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে হাৰাশাস্তি দিয়াৰ অভিযোগ তোলে ।