কোকৰাঝাৰ, 8 জুলাই : সদ্য সম্প্ৰসাৰিত মোডী মন্ত্ৰীসভাত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথম বাৰৰ বাবে পাঁচজনকৈ মন্ত্ৰীয়ে স্থান লাভ কৰিছে ৷ স্বাধীনতাৰ কালৰে উত্তৰ-পূৱক দিল্লীয়ে মাহী আই দৃষ্টিৰে চোৱা বুলি যি এক প্ৰসংগ প্ৰায়ে চৰ্চাত থাকে সেই ক্ষেত্ৰত মোডী কেবিনেটত পাঁচজনকৈ মন্ত্ৰীয়ে স্থান লাভে এক ধনাত্মক বাৰ্তা কঢ়িয়াই আনিব ৷ তদুপৰি উত্তৰ-পূৰ্বৰ পাঁচগৰাকী মন্ত্ৰীক স্থান দিয়া কাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উত্তৰ-পূৱৰ প্ৰতি দায়বদ্ধতাকে সূচাইছে ৷
বৃহস্পতিবাৰে সাংবাদ মাধ্যমক সম্বোধন কৰি সদ্য সম্প্ৰসাৰিত মোডী মন্ত্ৰীসভাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উত্তৰ-পূৱৰ পাঁচগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে বিটিআৰ প্ৰধান গৰাকীয়ে ৷ লগতে অসমৰ পৰা মোডী মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ লগতে ৰামেশ্বৰ তেলীক অভিনন্দন জ্ঞাপন কৰে প্ৰমোদ বড়োৱে ৷
উল্লেখ্য যে, উত্তৰ-পূৱৰ পৰা সৰ্বমুঠ পাঁচজনে কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰাক লৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷
"সদ্য সম্প্ৰসাৰিত মোডী মন্ত্ৰীসভাত ৮ গৰাকী অনুসূচিত জনজাতি আৰু ১২ গৰাকী অনুসূচিত জাতিৰ জনপ্ৰতিনিধিয়ে স্থান লাভ কৰিছে ৷ এই কাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজিপি চৰকাৰৰ সবকা সাথ, সবকা বিকাশৰ কথাকে সূচাইছে । অনৈক্যৰ মাজত ঐক্যৰ এয়া প্ৰকৃত উদাহৰণ আৰু এতিয়াৰে পৰা ভাৰত চৰকাৰৰ সৈতে আন্তৰিকতাৰে কাম কৰাটো সম্ভৱ হ'ব ৷" সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷
লগতে পঢ়ক: হোজাইত ১০ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত