ETV Bharat / state

Kanchanjangha summiters from Assam:কাঞ্চনজংঘাৰ শিখৰত উৰিল অসমীয়াৰ মান গামোচা ও দেশৰ ৰাষ্ট্ৰীয় পতাকা

author img

By

Published : Jun 3, 2023, 10:54 AM IST

কাঞ্চনজংঘাৰ শিখৰত অসমীয়া গামোচা উৰুৱাই অসমলৈ গৌৰৱ আৰু সুনাম কঢ়িয়াই আনিলে ভাস্কৰ, জয়ন্ত সহ অসমৰ পৰ্বতাৰোহী দলটিয়ে ৷ কোকৰাঝাৰত ভাস্কৰ, জয়ন্ত সহ অসমৰ সাতজনীয়া পৰ্বতাৰোহী দলটিক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয় (Bhaskar Baruah Jayanta Nath reached Kanchanjangha) ৷

Kanchanjangha summiters
অসমৰ পৰ্বতাৰোহী
অসমৰ পৰ্বতাৰোহী

কোকৰাঝাৰ, ৩ জুন : ভাৰত আৰু নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ হিমালয় পৰ্বতমালাত অৱস্থিত ৮৫৮৬ মিটাৰ অৰ্থাৎ ২৮,১৬৯ ফুট উচ্চতাত অৱস্থিত কাঞ্চনজংঘাৰ সুউচ্চ শিখৰত আৰোহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথ সহ অসমৰ সাতজনীয়া পৰ্বতাৰোহী দলটোৱে ৷ শুকুৰবাৰে তেওঁলোক আহি কোকৰাঝাৰ ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পাচত উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয় ৷

kanchanjangha summiters from assam
কাঞ্চনজংঘাৰ শিখৰত অসমৰ পৰ্বতাৰোহী দলটো

উল্লেখ্য যে, উজনিমুৱা ৰাজধানী ৰেল’ যোগে শুকুৰবাৰৰ বিয়লি কোকৰাঝাৰ ৰে’ল ষ্টেচনত অৱতৰণ কৰে অসমৰ সাতজনীয়া পৰ্বতাৰোহী দলটোৱে ৷ নানা প্ৰতিকূল বতৰকো নেওচি অসমৰ পৰ্বতাৰোহী দলটোৱে ভাৰতৰ সবাতকৈ উচ্চতম তথা বিশ্বৰ তৃতীয়টো উচ্চ শিখৰ কাঞ্চনজংঘাত সফলভাৱে আৰোহণ কৰে ৷ এই সফলতাৰে তেওঁলোকে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ পৰ্বতাৰোহীসকলৰ বাবে উৎসাহ আৰু অনুপ্ৰেৰণাৰ বতৰা কঢ়িয়াই আনিছে ৷ অসমৰ পৰা যোৱা পৰ্বতাৰোহীৰ সাত জনীয়া দলটোৱে ১১ এপ্ৰিলত অসমৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু ২৩ এপ্ৰিলৰ পৰা কাঞ্চনজংঘা অভিমুখে আৰোহণ আৰম্ভ কৰে আৰু ২৫ মে’ৰ দিনা কাঞ্চনজংঘাৰ শিখৰত পদচিহ্ন খোদিত কৰিবলৈ সক্ষম হয় (Bhaskar Baruah Jayanta Nath reached Kanchanjangha) ৷

kanchanjangha summiters from assam
কাঞ্চনজংঘাৰ শিখৰত অসমীয়া গামোচা

উল্লেখ্য যে, শুকুৰবাৰে কোকৰাঝাৰ ৰে’লৱে ষ্টেচনত পদাৰ্পণ কৰাৰ লগে লগে কোকৰাঝাৰ জিলা প্ৰশাসন আৰু আছুৰ তৰফৰ পৰা একোখনকৈ গামোচাৰে ছামিটাৰ ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথসহ অসমৰ পৰ্বতাৰোহী দলটোক আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয় ৷ কাঞ্চনজংঘাৰ সু-উচ্চ শিখৰ আৰোহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসম পৰ্বতাৰোহণৰ সাতজনীয়া দলটোত থকা সদস্যসকল হ’ল ক্ৰমে মানস বৰুৱা, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস, শেখৰ বৰদলৈ, ড° জগদীশ বসুমতাৰী আৰু উপেন চক্ৰৱৰ্তী ৷

kanchanjangha summiters from assam
কাঞ্চনজংঘাৰ শিখৰত অসমৰ পৰ্বতাৰোহী

উল্লেখ্য যে, অসম পৰ্বতাৰোহী দলটোৱে আনন্দৰে অসমত আহি উপস্থিত হোৱাত মনৰ অনুভৱ ব্যক্ত কৰি কয় "কাঞ্চনজংঘাৰ শিখৰ বগোৱাৰ পৰিকল্পনা দলটিয়ে প্ৰায় দুই --আঢ়ৈ বছৰৰ পৰা কৰি আছিল, আৰু অৱশেষত ২৫ মে’ত দলটিয়ে বিশ্বৰ তৃতীয়তম উচ্চ শিখৰ কাঞ্চনজংঘাৰ সুউচ্চ পৰ্বতমালাত অসমীয়াৰ গামোচা উৰুৱাই এক প্ৰকাৰ আৱেগিক হৈ পৰা বুলি সদৰী কৰে পৰ্বতাৰোহীসকলে (Kanchanjangha summiters from Assam) ৷

kanchanjangha summiters from assam
অসমৰ পৰ্বতাৰোহী দলটো

কাঞ্চনজংঘা অত্যন্ত কঠিন আৰু থিয় শিখৰ, সেয়ে এইয়া এক অতি কঠিন যাত্ৰা আছিল ৷ কিন্তু অসম দলটোৰ হৈ পৰ্বতাৰোহী জয়ন্ত নাথ আৰু ভাস্কৰ বৰুৱাই সফলতাৰে কাঞ্চনজংঘাত আৰোহণ কৰি যি সফলতা আনিলে সেয়া অত্যন্ত গৌৰৱৰ বিষয় আৰু নতুন প্ৰজন্মক নতুন পথৰ সন্ধান যোগোৱা বুলি উল্লেখ কৰে দলটোৰ আন সদস্যসকলে (Two Assam boy Bhaskar Baruah and Jayanta Nath) ৷

লগতে পঢ়ক : CM Himanta Biswa Sarma: ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্মাণ হ'বলগীয়া বিদ্যালয় ভৱনৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.