কোকৰাঝাৰ, ২ মে': পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া । সম্পূৰ্ণ ক'ভিড প্ৰটকল অনুসৰি আৰম্ভ হৈছে ভোট গণনা । কোকৰাঝাৰতো আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া । জিলাখনৰ তিনি বিধানসভা সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে ৷ ইয়াৰে ৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ভোট গণনা কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হোৱাৰ বিপৰীতে ২৮ নং গোসাইগাঁও আৰু ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ভোট গণনা গোসাইগাঁও মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত আৰম্ভ হৈছে ৷ ইতিমধ্যে তিনিটা সমষ্টিৰে প্ৰথম ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হৈছে ।
উল্লেখ্য যে, কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত ভোট গণনা অব্যাহত থকা জিলাখনৰ অন্যতম ৩০ নং পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ইতিমধ্যে লেহেম গতিত প্ৰথম ৰাউণ্ডৰ ফলাফল ঘোষণা হৈছে ৷ সমষ্টিটোত প্ৰথম ৰাউণ্ডত ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ো অগ্ৰগতি লাভ কৰিছে ৷ লৰেন্স ইছলাৰীয়ে প্ৰতিদ্বন্দী বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মতকৈ প্ৰথম ৰাউণ্ডত ১৯৬৭ টা ভোটত আগবাঢ়ি আছে ৷
প্ৰথম ৰাউণ্ডত মুঠ ৭,৯৯৩ টা ভোট গণনা হয় ৷ ইয়াৰে ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে ৪৭৩১ টা, ভোট বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই ২৭৬৪ টা, মিজিং ব্ৰহ্মই ১০৩ টা, নিৰ্দলীয় প্ৰাৰ্থী মনোজ কুমাৰ ব্ৰহ্মই ১৯৮ টা আৰু শৈলন্দ্ৰ নাথ ব্ৰহ্মই ৬০ টা ভোট লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে নোটাত ভোট পৰে ১৩৭ টা ৷ আনহাতে, ২৮ নং গোসাইগাঁও সমষ্টিত ইউপিপিএলৰ সোমনাথ নাৰ্জাৰীয়ে প্ৰথম ৰাউণ্ডত ১৩৪৬ টা ভোটত অগ্ৰগতি লাভ কৰি আছে ৷
সমষ্টিটোত ইউপিপিএলৰ প্ৰাৰ্থী গৰাকীয়ে প্ৰথম ৰাউণ্ডত ৩৩৭৬ টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফৰ মাজেন্দ্ৰ নাৰ্জাৰীয়ে ২০৩০ টা ভোট লাভ কৰে ৷ ২৯ নং পশ্চিম কোকৰাঝাৰ সমষ্টিতো প্ৰথম ৰাউণ্ডত ইউপিপিএলৰ মনোৰঞ্জন ব্ৰহ্ম ১৯২১ টা ভোটত আগবাঢ়ি আছে ৷ সমষ্টিটোত ইউপিপিএলৰ মনোৰঞ্জন ব্ৰহ্মই ৪০৫৭ টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফৰ ৰবিৰাম নাৰ্জাৰীয়ে ২১৩৬ টা ভোট লাভ কৰিছে ৷
লগতে পঢ়ক: কৰিমগঞ্জৰ বদৰপুৰত পথ দুৰ্ঘটনা : আহত 3