কোকৰাঝাৰ,7 এপ্ৰিলঃ কোকৰাঝাৰ জিলা প্ৰশাসনে COVID19ৰ দৰে মাৰাত্মক ব্যাধিৰ সংক্ৰমণ ৰোধৰ বাবে আয়োজন কৰিছে বিশেষ সজাগতা সভা ৷
কোকৰাঝাৰ জিলাৰ প্ৰশাসনে মঙলবাৰে কোকৰাঝাৰৰ বিভিন্ন দল সংগঠন, ধৰ্মীয় সংগঠনৰ বিষয়ববীয়াৰ সৈতে জিলাখনত সজাগতা সৃষ্টিৰ বাবে এখন বিশেষ সভা অনুষ্ঠিত কৰে ৷ কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতীম মজুমদাৰৰ তত্ত্বাৱধানত অনুষ্ঠিত এই সজাগতা সভাখনত সামাজিক দূৰত্ব বজাই ৰখা, ধাৰ্মিক অনুষ্ঠানত ভিৰ সৃষ্টি নকৰাৰ দৰে বহুখিনি পৰামৰ্শ দাঙি ধৰা হয় ৷
উপায়ুক্তৰ উপৰিও সভাখনত উপস্থিত থাকে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক আৰ. ৰৌশন, চক্ৰ বিষয়া দ্বীপন বৰ্মন আৰু বিভিন্ন ধৰ্মীয় সংগঠনৰ বিষয়ববীয়াসকল ৷