ETV Bharat / state

কোকৰাঝাৰত শ শ বিঘা ধান খেতি বানৰ কবলত

author img

By

Published : May 26, 2020, 8:36 PM IST

কোকৰাঝাৰৰত কৃষক সকলৰ মাজত হাহাকাৰ মূষলধাৰ বৰষুণৰ ফলত শ শ বিঘা ধান খেতি পানীৰ তলত মূৰে কপালে হাত দিছে কৃষকসকলে ৷

flood effected kokorajhar agriculture sector
কোকৰাঝাৰত শ শ বিঘা ধান খেতি বানৰ কবলত

কোকৰাঝাৰ, ২৬ মেঃ দেশত কৰ‘ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আনফালে ৰাজ্যৰ বহু জিলাতে এতিয়া মূষলধাৰ নেৰা নেপেৰা বৰষুণৰ, বাবে শ্ৰমিক শ্ৰেণী আৰু কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ কেইবাদিনো মূষলধাৰ বৰষুণৰ ফলত কোকৰাঝাৰ চহৰৰ নিচেই কাষত থকা চেচাঁপানী গাওঁৰ শতাধিক কৃষকৰ মাজত হাঁহাকাৰৰ সৃষ্টি হৈছে ৷

উল্লেখ্যযোগ্য যে চেচাঁপানী গাওঁৰ কৃষক সকলে মূৰৰ ঘাম মাটিত পেলাই ধানখেতি কৰিছিল যদিও সম্প্ৰতি শ শ বিঘা ধানৰ খেতি পানীৰ তলত ডুব গৈছে ৷ ফলত মূৰে কপালে হাত দিছে কৃষক সকলে ৷ একেদৰে মূষলধাৰ বৰষুণৰ ফলত শাকপাচলিৰ খেতিও নষ্ট হৈ পৰিছে ৷

কোকৰাঝাৰত শ শ বিঘা ধান খেতি বানৰ কবলত

দীৰ্ঘ সময়ৰ বাবে লক-ডাউন অব্যাহত থকাত কৃষক সকলে বজাৰত শাক পাচলি বিক্ৰী কৰিব নোৱাৰাত খেতি পথাৰতে শাক পাচলি নষ্ট হৈছে ৷ এইক্ষেত্ৰত এ বি এমছুৰ জিলা সভাপতি নজৰুল ইছলামে কৃষকসকলৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়কঃ জুৰীয়াত পুনৰ আন এজনৰ দেহত COVID- 19+

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.