ETV Bharat / state

ভয়ংকৰঃ লিগেচী ডাটা চুৰি কৰি নাগৰিকপঞ্জীৰ আৱেদন

author img

By

Published : Jul 2, 2019, 10:11 PM IST

কোকৰাঝাৰ জিলাৰ একাংশ দুষ্কৃতিকাৰীয়ে লিগেচী ডাটা চুৰি কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আৱেদন দাখিল কৰিছে ৷ পোহৰলৈ আহিছে জিলাখনত সংঘটিত এই ভয়ংকৰ জালিয়াতিৰ তথ্য ৷

ভয়ংকৰঃ লিগেচী ডাটা চুৰি কৰি নাগৰিকপঞ্জীৰ আবেদন

কোকৰাঝাৰ, 2 জুলাইঃ একাংশ দুষ্কৃতিকাৰীৰ বাবে প্ৰহশনত পৰিণত হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নতিৰ কাম ৷ এইবাৰ আন এক ভয়ংকৰ জালিয়াতিৰ তথ্য় পোহৰলৈ কোকৰাঝাৰ জিলাত ৷ জিলাখনত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে আন লোকৰ লিগেচী ডাটা চুৰি কৰি নাগৰিকপঞ্জীত আবেদন কৰিছে ৷ এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে আলিব উদ্দিন পাৰমানিক নামৰ লোকজনে ৷ লোকজনে অনা অভিযোগ অনুসৰি, তেখেতৰ মোমায়েক মমতাজ আলী মণ্ডলৰ লিগেচী ডাটা চুৰি কৰি প্ৰায় নগৰাকীকৈ ব্যক্তিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন কৰিছে ৷

আলিব উদ্দিন পাৰমানিকে জনোৱা অভিযোগ অনুসৰি, আব্দুল আজিজ (পিতাঃ আব্দুল পাৰমানিক, গাঁওঃ নৈয়াছাৰা), আব্দুল চুবুৰ মণ্ডল (পিতাঃ উচুব আলি, গাঁওঃ মৌমাৰি), সহিত আলী মণ্ডল (পিতাঃ কুদুচ আলী শ্বেখ, গাঁওঃ অমিনখাতা), সাহিনুৰ বেবি (গাঁওঃ মৌমাৰি), মমেছা খাতুন (গাঁওঃ গ্ৰাম সোঁতাৰা), অজিৰুণ বেবি (গাঁওঃ কচুকাটা), মনোৱাৰা বেবি (গাঁওঃ কচুকাটা), ৰবীয়া বেবি (গাঁওঃ কচুকাটা) আৰু ৰবিয়া বেবি নামৰ লোককেইজনে লিগেচী ডাটা চুৰি কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন কৰিছে লগতে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ খুলসিংমাৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সেৱাকেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ জালিয়াতি ৷

আলিব উদ্দিন পাৰমানিকৰ অভিযোগ অনুসৰি, উপৰোক্ত ব্যক্তিকেইজনৰ মমতাজ আলী মণ্ডলৰ সৈতে কোনো সম্পৰ্ক নাই যদিও তেঁওৰ লিগেচী ডাটা চুৰি কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন জনাইছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দিয়া হৈছিল যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ উপায়ান্তৰ হৈ ঘটনা সন্দৰ্ভত কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থপ্ৰতিম মজুমদাৰৰ ওচৰত অভিযোগ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷

Intro:লেগেচী ডাটা চুৰীকৰি এনআৰচি আবেদন কৰাৰ অভিযোগ কোকৰাঝাৰত।।

Anchor_ এনআৰচিৰ অন্তিম তালিকাখন ওলোৱাৰ কৈদিনমান আৰু বাকী থকাৰ সময়তে এক বৃহৎ জালিআতি কৰাৰ অভিযোগ উত্থাপন হৈছে কোকৰাঝাৰত জিলাত। কোনো সম্পৰ্ক নোহোৱাকৈ মমতাজ আলী মণ্ডল ৰ লেগেচী ডাটাক চুৰিকৰি এনআৰচি আবেদন একাংশ ব্যক্তিৰ।

Body:তথ্য ক্ৰমে কোকৰাঝাৰ জিলাৰ গসাইগাঁও মোহকমা অন্তৰ্গত খুলসিংমাৰি এনআৰচি সেৱা কেন্দ্ৰত এয়ে বিসংগতি হৈছে।
আলিব উদ্দীন পাৰোমানিক অভিযোগ কৰা মতেই তেখেদৰ মোমাইক মমতাজ আলি মণ্ডলৰ লেগেচীক চুৰি কৰি প্ৰায় নৈ জন ব্যক্তিয়ে এন আৰ চিৰ আবেদন কৰিছে। ১)আব্দুল আজিল, পিতা আব্দুল পাৰোমানিক, গাঁও নৈয়াছাৰা ২) আব্দুল চুবুৰ মণ্ডল পিতা উচুব আলি,গাঁও মৌমাৰি ৩) সহিত আলি মণ্ডল পিতা কুদুচ আলি শেখ, গাঁও অমিনখ্যাতা ৪) সাহিনুৰ বেবি,গাঁও মৌমাৰি ৫) মমেছা খাতুন, গাঁও গ্ৰাম সোঁতাৰা ৬)অজিৰুণ বেবি,গাঁও কঁচুকাটা ৭) মনোৱাৰা বেবি, গাঁও কঁচুকাটা ৮) ৰবীয়া বেবি, গাঁও কঁচুকাটা ৯) ৰেজিয়া বেবি, উল্লেখ কৰামতে তেখেতৰ মোমাইকৰ কোনো সম্পৰ্ক নোহোৱাকৈ লেগেচীখন ব্যৱহাৰ কৰি এন আৰ চি ৰ আবেদন কৰিছে। তেওঁলোকৰ কোনো সম্পৰ্কীয় ব্যক্তি নোহোৱাৰ কাৰণে এনেকৈ লেগেচী চুৰি কৰি সম্পৰ্ক দেখাই। এয়েগীতা ব্যক্তিৰ ওপৰত এন আৰ চি বিষয়াৰ ওপৰত আপত্তি দিয়া হৈছে লগতে অভিযোগ দিয়া হৈছে। কিন্তু যেন সত্যতা আৰু নিকা এন আৰ চি হোৱাটো বিচাৰি মঙ্গলবাৰে পুনৰ কোকৰাঝাৰ উপায়ুক্ত পাৰ্থ প্রতিম মজুমদাৰক পোনপুতিয়াকৈ আপত্তি আৰু অভিযোগ দিছে আলিব উদ্দীন পাৰোমানিক আৰু তেখেতৰ পৰিয়ালটো।

Conclusion:এনেকৈ কিমান আৰু নিজকে ভাৰতীয় নাগৰিক সজাবলৈ সৰুযন্ত্ৰ চলাইছে একাংশ লগে এয়া এক উদাহৰণহে। অহা অন্তিম তালিকাত নিজৰ নাম উঠোৱাৰ বাবেহে এটোৰ পিছত ইটো সৰুযন্ত্ৰ ৰুচিসে কিছু দুষ্টচক্ৰয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.