কোকৰাঝাৰ,15এপ্ৰিলঃ বন্দুকেৰে এইবাৰ বিপ্লৱ নহয় এইবাৰ কৃষিৰে বিপ্লৱ আৰম্ভ প্ৰাক্তন আলফা নেতাৰ ৷ বন্দুক এৰি হাতে-কামে নামিল খেতিপথাৰত ৷ কোকৰাঝাৰত এই কৃষি বিপ্লৱৰ সূচনা কৰা ব্যক্তিগৰাকী হ'ল প্ৰাক্তন আলফা নেতা সঞ্জীৱ বৰুৱা ৷ এসময়ত স্বাধীন অসমৰ সপোন দেখি বন্দুকেৰে বিপ্লৱ কৰা প্ৰাক্তন আলফা নেতাগৰাকীৰ নেতৃত্বত যুদ্ধবিৰত আলফা গোটৰ বহু কেইগৰাকী সদস্যই বৰ্তমানে আত্মপ্ৰতিষ্ঠাৰ বাবে কৃষি কৰ্মৰে অব্যাহত ৰাখিছে বিপ্লৱ ৷ প্ৰায় 10হেক্টৰ মাটিত ষ্ট্ৰ'বেৰী,আপেল,বগৰী,ড্ৰেগন ইত্যাদি খেতিৰে আত্মসংস্থাপনৰ সপোন গঢ়িছে যুদ্ধবিৰত আলফা গোটৰ সদস্যসকলে ৷ ETV Bharat ৰ সাংবাদিকৰে হোৱা এক বাৰ্তালাপত প্ৰাক্তন আলফা নেতা সঞ্জীৱ বৰুৱাই ভাৰত চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰো অভিযোগ কৰে ৷ আনহাতে প্ৰাক্তন আলফা সদস্য সকলৰ এনে কাৰ্যক নৱপ্ৰজন্মৰ বাবে নিদৰ্শন বুলি আখ্যা দি এতিয়া শলাগ লৈছে কোকৰাঝাৰবাসীয়ে ৷
লগতে চাওকঃ কামৰূপৰ দদৰাত মাস্ক প্ৰস্তুতত ব্যস্ত হাড়গিলা আৰ্মী