ETV Bharat / state

কোকৰাঝাৰত বিধায়ক লৰেঞ্চ ইছলাৰীৰ চেক বিতৰণ

পূৱ কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে সোমবাৰে কোকৰাঝাৰত বিতৰণ কৰিলে ৪৪ লাখ ৭৫ হাজাৰ টকাৰ চেক (Lawrence Islary distribute cheque in Kokrajhar) ৷ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আৰু পুনৰ সংস্থান পুঁজিৰ ৭৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান ৷

Distribute cheque by MLA Lawrence Islary in Kokrajhar
কোকৰাঝাৰত বিধায়ক লৰেঞ্চ ইছলাৰীৰ চেক বিতৰণ
author img

By

Published : Jan 4, 2022, 2:19 PM IST

কোকৰাঝাৰ, 4 জানুৱাৰী : কোকৰাঝাৰ জিলাৰ বালাজান তিনালীৰ ইউপিপিএলৰ কাৰ্যালয়ত সোমবাৰে পূৱ কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে (MLA Lawrence Islary in Kokrajhar) ৪৪ লাখ ৭৫ হাজাৰ টকাৰ চেক বিতৰণ কৰে ।

মুখ্যমন্ত্ৰীৰ সাহায্য আৰু পুনৰ সংস্থান পুঁজিৰ পৰা ৭৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক জলপানি হিচাপে প্ৰতিজনে ৫ হাজাৰ টকাকৈ আৰু ৭১ গৰাকী ৰোগীক চিকিৎসাৰ বাবদ প্ৰতিজনকে ১০ হাজাৰ টকাকৈ সৰ্বমুঠ ৪৪ লাখ ৭৫ হাজাৰ টকাৰ চেক বিধায়ক লৰেঞ্চ ইছলাৰীয়ে বিতৰণ কৰে (Distribute cheque in Kokrajhar) ।

কোকৰাঝাৰত বিধায়ক লৰেঞ্চ ইছলাৰীৰ চেক বিতৰণ

কেৱল পূৱ কোকৰাঝাৰ সমষ্টিৰ ভোটাৰ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত উক্ত চেকসমূহ বিতৰণ কৰা হয় (Lawrence Islary distribute cheque in Kokrajhar) ৷ মুখ্যমন্ত্ৰীৰ সাহায্য আৰু পুনৰ সংস্থান পুঁজিৰ পৰা প্ৰদান কৰা উক্ত চেক বিতৰণ অনুষ্ঠানৰ পিছত সাংবাদ মাধ্যমৰ আগত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি এই প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলক উপকৃত কৰি তুলিব বুলি আশা ব্যক্ত কৰে ।

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ৫ হাজাৰ টকাৰ জলপানি আৰু ৰোগীক চিকিৎসাৰ বাবদ ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰি আনন্দিত হোৱা বুলি প্ৰকাশ কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ৷ অনাগত সময়ত মুখ্যমন্ত্ৰীৰ উদ্যোগত আৰু অধিক জনদৰদী আঁচনিৰ সফল ৰূপায়ণ হ’ব বুলি মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।

চেক বিতৰণী অনুষ্ঠানত ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক ৰুধীৰ কুমাৰ দৈমাৰী, জিলা যুৱ ইউপিপিএলৰ সভাপতি ৰাজু ব্ৰহ্ম, টিচিএলচিচি-ৰ অধ্যক্ষ বুদ্ধদেৱ মুছাহাৰী আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : Providing free medical care at Kokrajhar : ঘৰে ঘৰে জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.