ETV Bharat / state

চেৰফাংগুৰী ক’ভিড হাস্পতালৰ পৰা ক’ভিড ৰোগীৰ পলায়ন

author img

By

Published : Apr 29, 2021, 7:22 AM IST

কোকৰাঝাৰ জিলাত ক’ভিড-19 ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাই থকাৰ সময়ছোৱাতে জিলাখনৰ চেৰফাংগুৰী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোভিড কেয়াৰ হাস্পতালৰ পৰা বুধবাৰে এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীয়ে পলায়ন কৰে ৷ পলায়ন কৰা ৰোগী গৰাকী আলী হুছেইন (32) বুলি জানিব পৰা গৈছে ৷

চেৰফাংগুৰী ক’ভিড হাস্পতালৰ পৰা ক’ভিড ৰোগীৰ পলায়ন
চেৰফাংগুৰী ক’ভিড হাস্পতালৰ পৰা ক’ভিড ৰোগীৰ পলায়ন

কোকৰাঝাৰ,29 এপ্ৰিল: কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক’ভিড কেয়াৰ হাস্পতালৰ পৰা বুধবাৰে এগৰাকী ক’ভিডত আক্ৰান্ত ৰোগীয়ে পলায়ন কৰে ৷ পলায়ন কৰা ৰোগী গৰাকী আলী হুছেইন (32) বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, জিলাখনত কৰ’ণাৰ গণ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ এই সময়চোৱাতে এগৰাকী কৰ’ণা আক্ৰান্ত ৰোগী হাস্পতালৰ পৰা পলায়ন কৰাৰ ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত চেৰফাংগুৰী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিগন্ত বড়োৱে চেৰফাংগুৰী থানাত দাখিল কৰে এজাহাৰ ৷

সেৰফাংগুৰী ক’ভিড কেয়াৰ হস্পিতালৰ পৰা পলায়ন ক’ভিড ৰোগী

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে অৰ্থাৎ 27 এপ্ৰিলত আলী হুছেইন (32) নামৰ ৰোগীগৰাকীক চেৰফাংগুৰীৰ ক’ভিড কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু বুধবাৰে পুৱা প্ৰায় 10 বজাত আলীয়ে হাস্পতালখনৰ পৰা পলায়ন কৰে ৷

জানিব পৰা মতে, পলায়ন কৰা ৰোগী গৰাকীয়ে মঙলবাৰে বিহাৰৰ পৰা গুৱাহাটী অভিমুখে আহিছিল ৷ অসম-পশ্চিমবংগৰ সীমান্তৱৰ্তী এলেকা শ্ৰীৰামপুৰৰ আন্তঃৰাজ্যিক তালাচী চকীত স্থাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কৰোতে লোকজনৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰে ৷ তাৰপিছতে তেওঁক চেৰফাংগুৰীৰ ক’ভিড কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

লগতে পঢ়ক: ক'ভিড-ভূমিকম্পক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.