ETV Bharat / state

সন্তুষ্টি অসন্তুষ্টিৰ মাজেৰে অন্ত পৰিল বিটিচি বাজেট অধিবেশন

সামৰণি পৰিল মঙলবাৰৰ পৰা বড়োলেণ্ড বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হোৱা বিটিচি বাজেট অধিবেশন ৷ হাগ্ৰামা মহিলাৰী নেতৃত্ব পাঁচ বছৰীয়া শাসনৰ এইখন আছিল অন্তিম খন বাজেট ৷

btc-budget-session-end-today
সন্তুষ্টি অসন্তুষ্টিৰ মাজেৰে অন্ত পৰিল বিটিচি বাজেট অধিবেশন
author img

By

Published : Feb 20, 2020, 12:02 AM IST

কোকৰাঝাৰ, 19 ফেব্ৰুৱাৰী: সামৰণি পৰিল মঙলবাৰৰ পৰা বড়োলেণ্ড বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হোৱা বিটিচি বাজেট অধিবেশন ৷ হাগ্ৰামা মহিলাৰী নেতৃত্বত পাঁচ বছৰীয়া শাসনৰ এইখন আছিল অন্তিমখন বাজেট ৷

সন্তুষ্টি অসন্তুষ্টিৰ মাজেৰে অন্ত পৰিল বিটিচি বাজেট অধিবেশন

উল্লেখ্য যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি শাসকীয় দলৰ বিভাগীয় কাৰ্যবাহী সদস্যৰ অনুপস্থিতিতে অন্তৱৰ্তী বাজেট অধিবেশনত গৃহীত হয় 2020-21 বিত্ত বৰ্ষৰ সৰ্বমুঠ 569 কোটি টকাৰ বাজেটখন ৷ বিধান পৰিষদীয় ভৱনৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে পুৰোহিত্য কৰা বাজেট অধিৱেশনত সৰ্বসন্মতি ক্ৰমে গৃহীত কৰা হয় শাসকীয় পৰিষদখনৰ বাবে ধাৰ্য কৰা মুঠ 39 টা শিতানৰ সৰ্বমুঠ 569 কোটি টকাৰ অন্তৱৰ্তী বাজেটখন ৷

লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ অনুপস্থিত শাসকীয় দলৰ হৈ অন্তিম দিনাৰ বাজেট পৰিচালনা কৰে কাৰ্যবাহী সদস্য লৌমছাৰাও দৈমাৰীয়ে ৷ লৌমছাৰাও দৈমাৰীয়ে হাগ্ৰামা মহিলাৰীৰ পাঁচ বছৰীয়া শাসনকালৰ বাজেট খুৱেই সুন্দৰ ভাবে গৃহীত হোৱা লগতে কাৰ্যকৰী হোৱা বুলি দাবী কৰাৰ বিপৰীতে বিৰোধী নেতা জ্যোতিন্দ্ৰ ব্ৰহ্ময়ে মন্তব্য কৰে যে হাগ্ৰামা মহিলাৰীৰ পাঁচ বছৰীয়া শাসনকালৰ বাজেট মুঠেও সন্তোষ জনক নহয় ৷ শাসকীয় নেতা সকলে বিৰোধী দলৰ অভাৱ অভিযোগৰ গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰে জ্যোতিন্দ্ৰ ব্ৰহ্মই ৷

লগতে পঢ়ক: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ কলিয়াভোমোৰাত পোহৰ যোগানৰ নিৰ্দেশ উপায়ুক্তৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.