ETV Bharat / state

নিৰ্বাচনী হিংসা : বিপিএফৰ কাৰ্যালয়ত অগ্নি সংযোগ - কোকৰাঝাৰ

কোকৰাঝাৰত দেওবাৰে নিশা বিপিএফৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰে দুস্কৃতিকাৰীয়ে ৷ দুস্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ প্ৰশাসনক দাবী বিপিএফৰ জ্যেষ্ঠ নেতা অজিত নাৰায়ণ ৰায়ৰ ৷

bpf-office-burnt
বিপিএফৰ কাৰ্যালয়ত অগ্নি সংযোগ
author img

By

Published : Apr 5, 2021, 12:54 PM IST

কোকৰাঝাৰ,5 এপ্ৰিল : মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কোকৰাঝাৰত আৰম্ভ হয় নিৰ্বাচনী হিংসা । দেওবাৰে নিশা কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ দেবৰগাঁওস্থিত বিপিএফৰ দেৱৰগাঁও প্ৰাইমাৰী স্কুলৰ নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰে ৷ যাৰ ফলস্বৰূপে কাৰ্যালয়টো ভস্মীভূত হয় ৷

বিপিএফৰ কাৰ্যালয়ত অগ্নি সংযোগ

অগ্নি সংযোগৰ ফলত নিৰ্বাচনী কাৰ্যালয়ৰ লগতে কাৰ্যালয়টোৰ ভিতৰত থকা আচবাব, নথি-পত্ৰ, সা-সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় । উক্ত ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কোকৰাঝাৰ চহৰত ৷

ইফালে, বিপিএফৰ জ্যেষ্ঠ নেতা অজিত নাৰায়ণ ৰায়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, দেওবাৰে মাজনিশা প্ৰায় 1.30 বজাত হোৱা অগ্নিকাণ্ডত বিৰোধী পক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে । কিয়নো, কিছুদিন পূৰ্বে বেছৰগাঁৱত সংঘটিত হোৱা নিৰ্বাচনী হিংসাৰ সময়ত বিৰোধী পক্ষই নিৰ্বাচনী কাৰ্যালয় জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল ৷

দুস্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰি শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ সকলো পক্ষলৈ আহ্বান জনায় বিপিএফ নেতা গৰাকীয়ে ।

লগতে পঢ়ক : কাৰ্বি আলঙৰ মাঞ্জাত পথ দূৰ্ঘটনা : নিহত হোম গাৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.