ETV Bharat / state

বিজেপি কৰ্মীয়ে ভাঙিলে তৃণমূল কংগ্ৰেছৰ বাসগৃহ - তৃণমূল কংগ্ৰেছ

পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাট থানাৰ দক্ষিণ ৰামপুৰত বিজেপি দলৰ সমৰ্থক আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মী-সমৰ্থকে লিপ্ত হয় সংঘাতত । বিজেপীৰ কৰ্মীয়ে ভাঙি পেলাই তৃণমূল কংগ্ৰেছৰ বাসগৃহ।

বিজেপি কৰ্মীয়ে ভাঙিলে তৃণমূল কংগ্ৰেছৰ বাসগৃহ
author img

By

Published : Jul 21, 2019, 11:29 PM IST

গোসাইগাঁও, ২১ জুলাই : দেওবাৰে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাট থানাৰ দক্ষিন ৰামপুৰত বিজেপি দলৰ সমৰ্থক আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মী-সমৰ্থক সকল লিপ্ত হয় সংঘাতত । বিজেপি দলৰ কৰ্মী-সমৰ্থকে তৃণমূলৰ দলীয় কাৰ্যালয় লণ্ডভণ্ড কৰাৰ উপৰিও তৃণমূল কৰ্মী-সমৰ্থকৰ চাৰিটা ঘৰ ভাঙি তছ-নছ কৰে । বিজেপি কৰ্মীৰ আক্ৰমনত দক্ষিন ৰামপুৰ গাঁৱৰ 70 বছৰীয়া সাধনা সাহা নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় । বিজেপিৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ তৃণমূলৰ চাৰি-পাঁচ জন কৰ্মী সমৰ্থকে আজি দিনৰ ১২-৩০ মান বজাত বংগ সীমা অতিক্ৰম কৰি অসম সীমাত প্ৰৱেশ কৰে । কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ফাইলাগুৰী বজাৰত আহি আশ্ৰয় লোৱা তৃণমূল কংগ্ৰেছৰ কৰ্মী-সমৰ্থকে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে লোকসভা নিৰ্বাচনত বিজেপি দলে জয়লাভ কৰাৰ পাছত, চুবুৰীয়া ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰাজনৈতিক হিংসা-আক্ৰমণ অব্যাহত থকা সময়তে অসম-বংগ সীমান্তৰ দক্ষিন ৰামপুৰত বিজেপি দলৰ উদণ্ড সমৰ্থকে তৃণমূল কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ ওপৰত পৰিকল্পিতভিৱে আক্ৰমণ চলাই আছে ।

বিজেপি কৰ্মীয়ে ভাঙিলে তৃণমূল কংগ্ৰেছৰ বাসগৃহ

ইফালে, বিজেপি সমৰ্থকৰ আক্ৰমণৰ বাবে একাংশ তৃণমূল কংগ্ৰেছৰ কৰ্মী-সমৰ্থকে আত্মৰক্ষাৰ বাবে অসমত থকা আত্মীয়ৰ গৃহত গৈ আশ্ৰয় ল'বলগীয়া হয় । বিগত লোকসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ পাছৰে পৰা একাংশ সমাজ বিৰোধী আৰু সুযোগসন্ধানী লোকে বিজেপিত নাম লিখাই তৃণমূল কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ ওপৰত এনে পৰিকল্পিত আক্ৰমণ চলাই আছে বুলি অভিযোগ কৰে অঞ্চলবাসীয়ে ।

Intro:বিজেপি-তৃণমূল কংগ্ৰেছৰ ভয়াবহ সংঘৰ্ষ অসম-বংগ সীমান্ততঃ আক্ৰান্ত তৃণমূল কংগ্ৰেছৰ কৰ্মী-সমৰ্থক আশ্ৰয় বিচাৰি অসমত প্ৰৱেশঃ

গোসাইগাঁও ,২১ জুলাইঃচুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাট থানাৰ দক্ষিন ৰামপুৰ গাঁৱত আজি বিজেপি দলৰ কৰ্মী সমৰ্থক আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মী-সমৰ্থকৰ মাজত তুমুল সংঘৰ্ষ হয়।বিজেপি দলৰ উগ্ৰ কৰ্মী-সমৰ্থকে তৃণমূলৰ দলীয় কাৰ্যালয় লণ্ডভণ্ড কৰি ধ্বংস কৰাৰ পাছত উক্ত গাঁৱৰ তৃণমূল কৰ্মী সমৰ্থকৰ চাৰিটা ঘৰ ভাঙি তছনছ কৰাৰ উপৰি বিজেপি কৰ্মীৰ আক্ৰমণত দক্ষিন ৰামপুৰ গাঁৱৰ বাসিন্দা সত্তৰ বছৰীয়া সাধনা সাহা গুৰুতৰৰূপে আহত হয়।বিজেপিৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ তৃণমূলৰ চাৰি-পাঁচ জন কৰ্মী সমৰ্থকে আজি দিনৰ ১২-৩০ মান বজাত বংগ সীমা অতিক্ৰম কৰি অসম সীমাত প্ৰৱেশ কৰে।কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ফাইলাগুৰী বজাৰত আহি আশ্ৰয় লোৱা তৃণমূল কংগ্ৰেছ কৰ্মী-সমৰ্থকে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে লোকসভা নিৰ্বাচনত বিজেপি দলে জয়লাভ কৰাৰ পাছত চুবুৰীয়া ৰাজ্যৰ বিভিন্ন অঞ্চলত ৰাজনৈতিক হিংসা আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকা সময়তে অসম-বংগ সীমান্তৰ দক্ষিন ৰামপুৰত বিজেপি দলৰ উদণ্ড সমৰ্থকে তৃণমূল কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ ওপৰত পৰিকল্পিতভিৱে আক্ৰমণ চলাই আছে। Body: বিজেপি সমৰ্থকৰ আক্ৰমণত ভীত সস্ত্ৰস্ত হৈ একাংশ তৃণমূল কংগ্ৰেছৰ কৰ্মী-সমৰ্থকে আত্মৰক্ষাৰ বাবে অসমত থকা আত্মীয়-পৰিজনৰ গৃহত গৈ আশ্ৰয় লৈ থকা বুলি জনাইছে নাম প্ৰকাশত অনিচ্ছুক বংগৰ ফলিমাৰী,ৰামপুৰ,গৰুমৰাচৰ,জোৰাই আদি অঞ্চলৰ তৃণমূল কংগ্ৰেছৰ কৰ্মী-সমৰ্থকে। Conclusion: বিগত লোকসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ পাছৰে পৰা একাংশ সমাজ বিৰোধী আৰু সুযোগসন্ধানী লোকে বিজেপিত নাম লিখাই তৃণমূল কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ ওপৰত এনে পৰিকল্পিত আক্ৰমণ চলাই আছে বুলি অভিযোগ কৰে আক্ৰান্ত সকলে।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.