ETV Bharat / state

BJP Leader Joined BPF : কোকৰাঝাৰ জিলাৰ প্ৰাক্তন বিজেপি সভাপতিৰ বিপিএফত যোগদান

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:56 PM IST

বিজেপি ত্যাগ কৰি বিপিএফত যোগদান বিজেপিৰ ৰাজকুমাৰ ব্ৰহ্মৰ ৷ বিজেপিত লবী ৰাজনীতিৰ অভিযোগ ৰাজকুমাৰ ব্ৰহ্মৰ ৷ আন পাঁচ বিজেপি নেতা-কৰ্মীৰো বিপিএফ দলত যোগদান ৷ বিজেপিৰ পৰিকল্পনাত চেঁচাপানী ঢালি দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে নিজাববীয়া প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ ৷

কোকৰাঝাৰ জিলাৰ প্ৰাক্তন বিজেপি সভাপতিৰ বিপিএফত যোগদান
BJP Leader Joined BPF
বিজেপিৰ প্ৰাক্তন জিলা সভাপতিৰ বিপিএফত যোগদান

কোকৰাঝাৰ, ১৪ নৱেম্বৰ : অৱশেষত বিজেপি ত্যাগ কৰি বিপিএফত যোগদান কৰিলে বিজেপিৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজকুমাৰ ব্ৰহ্মই ৷ মঙলবাৰে কোকৰাঝাৰ চহৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এক অনুষ্টুপীয়া সভাৰ আয়োজন কৰা হয় ৷ উক্ত সভাতে ৰাজকুমাৰ ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ৷

ৰাজকুমাৰ ব্ৰহ্মক দলীয় প্ৰতীক আৰু আৰ’নাইৰে আদৰণি জনায় বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ উল্লেখ্য যে ৰাজকুমাৰ ব্ৰহ্মক কিছুদিন পূৰ্বে বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছিল ৷ ইপিনে ৰাজকুমাৰ ব্ৰহ্মৰ লগতে বিজেপিৰ আন পাঁচগৰাকী আৰু কংগ্ৰেছৰ এগৰাকীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে বিপিএফত দলত যোগদান কৰে ৷

বিপিএফ দলত যোগদান কৰা বিজেপি আৰু কংগ্ৰেছৰ নেতা-কৰ্মীসকল হৈছে ক্ৰমে বিজেপিৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজকুমাৰ ব্ৰহ্ম, চিৰাং জিলা বিজেপিৰ সম্পাদক স্বপন মাৰাণ্ডি, জিলা যুৱ মৰ্চাৰ কাৰ্যালয় সম্পাদক নৱৰঞ্জন বৰ্মন, বিজেপিৰ মানস চেৰফাঙৰ প্ৰাক্তন মণ্ডল সভাপতি দেৱজ্যোতি নমোদাস, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিপ্লৱ দেৱনাথ, বিজয় কৃষ্ণ সাহা আৰু কংগ্ৰেছৰ চন্দন তৰফদাৰ ।

ইপিনে বিপিএফত যোগদান কৰাৰ পিছতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিজেপিৰ পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজকুমাৰ ব্ৰহ্ম ৷ ৰাজকুমাৰ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ চীফ হোৱাৰ সপোন দেখিছে । বিশ্বজিৎ দৈমাৰীয়ে আমাকেই শাসন কৰিব বিচাৰিছে, কিন্তু বড়ো ৰাইজে মানি নলয় ।

বিজেপিত লবীৰ ৰাজনীতি চলিছে বুলি অভিযোগ কৰি ৰাজকুমাৰ ব্ৰহ্মই বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'য়ে ধনবলৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে । কোনো কাৰণ নোহোৱাকৈ লবী ৰাজনীতি আৰু ষড়যন্ত্ৰৰ কৰি তেওঁক কোকৰাঝাৰ জিলা সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰা বুলি কয় ৰাজ কুমাৰ ব্ৰহ্মই । ইফালে বিজেপিৰ পৰিকল্পনাত চেঁচাপানী ঢালি হাগ্ৰামা মহিলাৰীয়ে দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে নিজাববীয়া প্ৰাৰ্থী দিয়াৰ কথা পুনৰবাৰ সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

দুয়োটা সমষ্টিতে বিপিএফে জয়লাভ কৰিব বুলিও দাবী কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে বিজেপি, কংগ্ৰেছ, অগপ, এআইইউডিএফ কাৰো স'তে বিপিএফৰ যোগাযোগ নাই । দলৰ সিদ্ধান্ত হৈছে যে আগন্তুক লোকসভা নিৰ্বাচনত কাৰো স'তে মিত্ৰতা নহয় । এই যোগদান সভাত বিপিএফৰ উপসভাপতি খাম্পা বৰগয়াৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী, কোকৰাঝাৰ জিলা বিপিএফৰ সভাপতি দেৰহাছাৎ বসুমতাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক :NC Hills Autonomous Council Election : উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত নতুন মুখ বিচাৰিছে সমষ্টিবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.