ETV Bharat / state

Indian Under 20 Women Football : কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰী ভাৰতীয় মহিলা ফুটবলৰ অধিনায়ক নিৰ্বাচিত

author img

By

Published : Mar 8, 2023, 8:27 PM IST

ৰঙৰ উৎসৱ হোলীৰ মাজতে আনন্দৰ বতৰা বিটিআৰ তথা অসমবাসীলৈ ৷ কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰী ২০ বছৰ অনূৰ্ধ্ব ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক নিৰ্বাচিত ৷ ভিয়েটনামত অনুষ্ঠিত এএফচি এছিয়ান ফুটবল কাপত (AFC Asian Football Cup Vietnam) ভাৰতীয় দলক নেতৃত্ব অপূৰ্ণা নাৰ্জাৰীৰ ৷ চমকপ্ৰদ প্ৰদৰ্শন ভাৰতীয় মহিলা দলৰ ৷ ছিংগাপুৰক ৭-০ শুনা গ’লত পৰাস্ত কৰা মেচত অপূৰ্ণাৰ দুটাকৈ গ’ল

Kokrajhar
Kokrajhar
ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত উজলিছে কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰী

কোকৰাঝাৰ, ৮ মাৰ্চ : দেশজুৰি এতিয়া ৰঙৰ উৎসৱ হোলী তথা ফাকুৱাৰ মাদকতা ৷ চৌদিশে নানা ৰঙৰ সমাহাৰ ৷ প্ৰকৃতিয়েও লাহে লাহে ৰূপ সলাইছে ৷ লঠঙা গছ-বিৰিখ আৰু পাতবিহীন গছৰ ডালত কোমল কুঁহিপাত মেলিবলৈ লৈছে ৷ এনে এক সুন্দৰ সন্ধিক্ষণত অসমবাসী তথা কেৱল বিটিআৰবাসীৰ বাবেই নহয়, সমগ্ৰ দেশবাসীৰ বাবেই সুনাম আৰু গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিটিআৰৰ কোকৰাঝাৰ সদৰ চহৰৰ পৰা ১০ কিলামিটাৰ আঁতৰৰ বনৰগাঁৱৰ খাগ্ৰবাৰীৰ নিৱাসী বিশ্বজিত নাৰ্জাৰীৰ কন্যা অপূৰ্ণা নাৰ্জাৰীয়ে (Apurna Narjary Indian womens football team captain) ৷

ফুটবল খেলৰ প্ৰতি সৰুৰে পৰা থকা আকৰ্ষণ আৰু দুৰ্বলতাই যেন অপূৰ্ণাক আজিৰ এই পৰ্যায়ত উপনীত কৰালে ৷ মঙলবাৰৰ পৰা ভিয়েটনামত অনুষ্ঠিত ২০ বছৰ অনূৰ্ধ্বৰ এছিয়ান ফুটবল কাপত (AFC Asian Football Cup Vietnam) ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে অসম কন্যা তথা কোকৰাঝাৰৰ বনৰগাঁও খাগ্ৰাবাৰীৰ সুযোগ্য সন্তান অপূৰ্ণা নাৰ্জাৰী ৷ এই খবৰে স্বাভাৱিকতে সমগ্ৰ বিটিআৰ অঞ্চলত আনন্দৰ বন্যা কঢ়িয়াই আনিছে (Kokrajhar Apurna Narjary in Indian women football team) ৷

অপূৰ্ণাই ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা দলক নেতৃত্ব দিয়া তথা ভিয়েটনামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহিলাৰ ফুটবল প্ৰতিযোগিতাখনৰ মঙলবাৰে অনুষ্ঠিত প্ৰথম মেচত ভাৰতে ছিংগাপুৰৰ বিৰুদ্ধে অৱতীৰ্ণ হয় ৷ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত ভাৰতে ছিংগাপুৰক ৭-০ গ’লত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে ৷ তাৰে ভিতৰত দুটাকৈ গ’ল দিয়ে অপূৰ্ণা নাৰ্জাৰীয়ে ৷ গাঁৱৰ পৰিৱেশত জন্মগ্ৰহণ কৰিও ফুটবল খেলৰ প্ৰতি থকা দুৰ্বাৰ ধাউতিৰ বাবেই গাঁৱৰ ধূলিয়ঁৰি বাটৰ পৰা দুচকুত বিশ্ব জয়ৰ সপোন লৈ যাত্ৰা আৰম্ভ কৰিছে এক সুন্দৰ কেৰিয়াৰ গঢ়াৰ ৷

উল্লেখ্য যে দোতমা হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক পিতৃ বিশ্বজিৎ দৈমাৰী আৰু মাতৃ সতীবালা বসুমতাৰীৰ চাৰিটাকৈ কন্যা সন্তানৰ ভিতৰত তৃতীয় সন্তান অপূৰ্ণা নাৰ্জাৰী ৷ দোতমা বডোফা ইউএন ব্ৰহ্ম মহাবিদ্যালয়ৰ স্নাতকৰ তৃতীয় ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়নৰত তেওঁ ৷ ইপিনে কন্যাৰ সাফল্যত আনন্দিত আৰু গৌৰৱান্বিত পিতৃ বিশ্বজিৎ নাৰ্জাৰী আৰু মাতৃ সতীবালা বসুমতাৰী ৷

লগতে পঢ়ক :One Family One beneficiary Scheme: ৰাজ্যত গভীৰ অৰ্থনৈতিক সংকট ! বলৱৎ হ'ব 'এক পৰিয়াল এক আঁচনি'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.