ETV Bharat / state

Suspicion of witchcraft: ডাইনীৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা

এইবাৰ ডাইনীৰ সন্দেহত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ মালভোগ গাঁৱত এজন লোকক হত্যা কৰাৰ লগতে তেওঁৰ দুই সন্তানক গুৰুতৰভাৱে আহত কৰাৰ জঘন্য ঘটনা পোহৰলৈ আহিছে (Man died of Witch Haunting)৷

author img

By

Published : Nov 7, 2022, 4:58 PM IST

Man died for Witch Haunting at Gossaigaon
Man died for Witch Haunting: ডাইনীৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা

গোসাইগাঁও, ৭ নৱেম্বৰ: আজি ২১ শতিকাত য’ত মানৱ সভ্যতা উন্নতিৰ শিখৰত উপনীত হৈছে, যি সময়ত বৈজ্ঞানিক আৱিষ্কাৰ সমূহে পৃথিৱীখনক গোলকীয় গাঁৱলৈ পৰিৱৰ্তিত কৰিছে, সেই সময়তো আমি অন্ধবিশ্বাস, কু-সংস্কাৰ, অপবিজ্ঞান আদি সামাজিক ব্যাধিৰ পৰা মুক্ত হ’ব পৰা নাই ৷ একাংশ লোক এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সোমাই আছে (Case of Witch haunting)৷

পিছে ৰাজ্যত ডাইনীৰ সন্দেহত লোক হত্যা কৰাৰ ঘটনা নতুন নহয় ৷ এইবাৰ ডাইনীৰ সন্দেহত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ মালভোগ গাঁৱত এজন লোকক হত্যা কৰাৰ লগতে তেওঁৰ দুই সন্তানক গুৰুতৰভাৱে আহত কৰাৰ জঘন্য ঘটনা পোহৰলৈ আহিছে (Suspicion of witchcraft in Kokrajhar) ৷ ঘটনা অনুসৰি গাঁওখনৰে বাসিন্দা মংগল মুৰ্মু নামৰ লোকজনে কিছু দিনৰ পূৰ্বে এজন কবিৰাজ আনি নিজৰ ঘৰত পূজা-পাতল কৰিছিল (Two injured for Witch Haunting)৷

বিগত কিছুদিনৰ পৰা মংগল মুৰ্মুৰ ঘৰখনত অসুখ-অশান্তি হৈ থকাৰ বাবে এই পূজা কৰিছিল মংগলে ৷ কিন্তু মান্দাৰিয়া গাঁৱৰ কবিৰাজ জনে মংগল মুৰ্ৰ্মুৰ ঘৰত হৈ থকা সকলো সকলো অসুবিধাৰ মূলতে দেৱান মুৰ্মুৰ হাত থকা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ পিছতে মংগল মুৰ্মু খঙত অগ্নিশৰ্মা হৈ দেৱান মুৰ্মুৰ ক্ষতি কৰিবলৈ পৰিকল্পনা কৰে (One man death for mob lynching case)৷

পৰিকল্পনা অনুসৰি দেওবাৰে নিশা মংগল মুৰ্মুৱে কিষান হাছদা আৰু চানডেৱ টুডু নামৰ দুজন লোকক লগত লৈ দেৱেন মুৰ্মুৰ ঘৰত প্ৰৱেশ কৰি শুই থকা অৱস্থাতে দেৱেনসহ তেওঁৰ পুত্ৰ আৰু কন্যাক আক্ৰমণ কৰে (Man died for Witch Haunting at Gossaigaon)৷

লোক তিনিজনৰ প্ৰহাৰত থিতাতে মৃত্যু হয় দেৱেন মুৰ্মুৰ ৷ ইফালে গুৰুতৰভাৱে আহত হৈছে তেওঁৰ পুত্ৰ সুনিল মুৰ্মু আৰু কন্যা লক্ষ্মী মুৰ্মু ৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে কচুগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়(Kachugaon Police rescued body)৷

আৰক্ষীয়ে দেৱেন মুৰ্মুৰ মৃতদেহ উদ্ধাৰ কৰি আহত দ্বয়ক ততালিকে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Child Kidnaping in Guwahati: মহানগৰীত বিদ্যালয়ৰ শিশুক অপহৰণৰ চেষ্টা বিএচএফ জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.