ETV Bharat / state

ম্যাদ উকলা চিমেণ্টেৰে পথ নিৰ্মাণ কৰিমগঞ্জতঃ তীব্ৰ প্ৰতিক্ৰিয়া - প্ৰধানমন্ত্ৰী গ্ৰামীণ পকী পথ যোজনা

কৰিমগঞ্জত ব্যাপক হাৰত চলিছে দুৰ্নীতি ৷ নিম্নমানৰ কামৰ বাতৰি সংবাদমাধ্যমত প্ৰচাৰ হোৱাৰ পিছত পুনৰ ঠিকাদাৰে দেখুৱালে দম্ভালি ৷ প্ৰায় 300পেকেট ম্যাদ উকলা চিমেণ্টৰে চলাইছে পথ নিৰ্মাণৰ কাম। আনহাতে,সংবাদ মাধ্যমকো বাতৰি সম্প্ৰচাৰ কৰিলে পৰিণাম ভয়ংকৰ হ’ব বুলি ভাবুকি প্ৰদান কৰে ঠিকাদাৰৰ ভেৰণীয়া বাহিনীয়ে। ক্ষোভিত ৰাইজে বন্ধ কৰিলে নিম্ন মানদণ্ডৰ পথ নিৰ্মাণৰ কাম ।

Road scam at karimganj assam etv bharat news
পথ নিৰ্মাণত বিসংগতি
author img

By

Published : Mar 18, 2020, 9:22 AM IST

কৰিমগঞ্জ,18 মাৰ্চঃ কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত আনিপুৰৰ পৰা চটইয়াপুঞ্জি পৰ্যন্ত প্ৰধানমন্ত্ৰী গ্ৰামীণ পকী পথ যোজনাৰ অন্তৰ্গত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ পথটো নিৰ্মাণৰ বাবে আবণ্টিত হৈছিল প্ৰায় 1কোটি 40লাখ টকা ৷ এই পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল পি এণ্ড বি এণ্টাৰপ্ৰাইজ নামৰ এটা নিৰ্মাণ সংস্থায়ে। স্বত্বাধিকাৰ পিলু সিনহা নেতৃত্বাধীন নিৰ্মাণ সংস্থাটোৱে নিম্নমানৰ কামেৰে নিৰ্মাণকাৰ্য আৰম্ভ কৰে।

পথ নিৰ্মাণত বিসংগতি

ইপিনে,উক্ত পথৰ নিৰ্মাণকাৰ্য সন্দৰ্ভত ৰাইজে দিয়া অভিযোগৰ ভিত্তিত গড়কাপ্তানী বিভাগত চলি থকা দুৰ্নীতিৰ খবৰ প্ৰকাশ পাইছিল সংবাদ মাধ্যমত । কিন্তু,সংবাদ প্ৰকাশ পোৱাৰ পিছত পুনৰ বিভাগীয় কৰ্তৃপক্ষই একাংশৰ লগত বুজাবুজিৰে চলাই নিছিল পথটোৰ নিৰ্মাণ কাৰ্য ৷ ঠিকাদাৰগৰাকীয়ে এইবাৰ ম্যাদ উকলা চিমেণ্টৰে পথ নিৰ্মাণৰ কাম চলাই আছে বুলি পুনৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ স্থানীয় জনতাই এই কথা জানিব পাৰি ঠিকাদাৰ গৰাকীৰ ওপৰত ক্ষুব্ধ হৈ বন্ধ কৰি দিয়ে পথটোৰ নিৰ্মাণকাৰ্য ৷ ৰাইজৰ দাবী,গড়কাপ্তানী বিভাগে যেতিয়ালৈকে কামটোৰ উচিত তদন্ত নকৰে,তেতিয়ালৈ এই নিৰ্মাণ কাৰ্য বন্ধ থাকিব । বিভাগটোৱে ৰাইজৰ কথাত কিমানদুৰ সঁহাৰি জনাব সেয়া লক্ষণীয় হ’ব ৷

লগতে চাওকঃধেমাজিত দক্ষিন কোৰিয়াৰ নাগৰিকক লৈ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.