ETV Bharat / state

কৰিমগঞ্জৰ গণধৰ্ষণ ঘটনাৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ আৰু দুৰ্গা বাহিনীৰ প্ৰতিবাদ

author img

By

Published : Nov 18, 2020, 6:46 AM IST

কৰিমগঞ্জত সংঘটিত হৈছিল এক গণধৰ্ষণৰ ঘটনা ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা মাতৃক সাক্ষাৎ কৰিবলৈ অহা ত্ৰিপুৰাৰ দুই যুৱতীক ধৰ্ষণ কৰিছিল 5 পাষণ্ডই ৷

protest against the rapiest at karimganja
কৰিমগঞ্জৰ গণধৰ্ষণ ঘটনাৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ আৰু দুৰ্গা বাহিনীৰ প্ৰতিবাদ

কৰিমগঞ্জ,18 নৱেম্বৰঃ কৰিমগঞ্জৰ গণধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ আৰু দুৰ্গা বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। মঙলবাৰে সন্ধিয়া কৰিমগঞ্জ জিলাত বিশ্ব হিন্দু পৰিষদ আৰু দুৰ্গা বাহিনীৰ কৰ্মকৰ্তা সকলে নিলামবজাৰত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ লগত জড়িত অপৰাধী কেইটাক কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷ ইপিনে পুনৰ যাতে বৰাক উপত্যকাত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবেও প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠন কেইটাই দাবী জনায় ৷

উল্লেখযোগ্য যে, কৰিমগঞ্জত সংঘটিত হৈছিল এক গণধৰ্ষণৰ ঘটনা ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা মাতৃক সাক্ষাৎ কৰিবলৈ অহা ত্ৰিপুৰাৰ দুই যুৱতীক ধৰ্ষণ কৰিছিল 5 পাষণ্ডই ৷ ঘটনা অনুসৰি, বিগত সপ্তাহৰ শুকুৰবাৰে ত্ৰিপুৰাৰ দুই যুৱতীয়ে শিলচৰত চিকিৎসাধীন নিজ মাতৃক সাক্ষাৎ কৰিবলৈ আহিছিল ৷ মাতৃক সাক্ষাৎ কৰি ত্ৰিপুৰালৈ ওভটাৰ বাবে দুয়ো এখন অল্ট’ বাহন ভাড়া কৰে ৷ কিন্তু নিশা প্ৰায় 1 বজাত বাহনখনৰ চালকে অন্য এক পথেৰে নি কৰিমগঞ্জৰ নিলামবজাৰৰ এটি নিৰ্মিয়মান অট্টালিকাত দুয়ো যুৱতীকে বন্দী কৰি আন চাৰিজন লোকেৰে মিলি ধৰ্ষণ কৰিছিল ৷

লগতে পঢ়কঃ ড্ৰাগছৰ বিৰুদ্ধে হেল্পলাইন নম্বৰ মুকলি কৰিমগঞ্জ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.