ETV Bharat / state

কোৱাৰেণ্টাইন কেন্দ্ৰত ন্যূনতম সা-সুবিধা নথকাৰ অভিযোগ - শ্ৰীকৃষ্ণৰাম হাই স্কুল কোৱাৰেণ্টাইন কেন্দ্ৰ

বুধবাৰে নিশা মুম্বাইৰ পৰা আহি বদৰপুৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱা একাংশ লোকক প্ৰেৰণ কৰা হৈছিল বিলবাৰী শ্ৰীকৃষ্ণৰাম হাই স্কুলৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷ কিন্তু কেন্দ্ৰটোত পৰ্যাপ্ত সুবিধা নাপাই গুচি আহে কেইবাজনো লোক ৷ পৰৱৰ্তী সময়ত তেওঁলোকক আটক কৰি সকলো সা-সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে পুনৰ সেই কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

people complaint against a quarantine centre of karimganj for lack of minimum facility

author img

By

Published : Jun 4, 2020, 3:09 PM IST

কৰিমগঞ্জ, 4 জুনঃ বৃহস্পতিবাৰে কৰিমগঞ্জৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰত ন্যূনতম সা-সুবিধা নাপাই সেই কেন্দ্ৰ ত্যাগ কৰে মুম্বাইৰ পৰা অহা অৰ্ধশতাধিক লোকে ৷ বুধাবৰে নিশা মুম্বাইৰ পৰা বদৰপুৰ ৰে'ল ষ্টেচন আহি পাইছিল এখন যাত্ৰীবাহী ৰে'ল ৷ কৰিমগঞ্জ প্ৰশাসনে যাত্ৰীসকলক স্ক্ৰীনিং কৰি কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰে ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ একাংশ লোকক প্ৰথমে নিলামবজাৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখাৰ নিৰ্দেশ দিয়া হৈছিল ৷

কৰিমগঞ্জৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰত ন্যূনতম সা-সুবিধা নথকাৰ অভিযোগ

কিন্তু নিলামবজাৰৰ কেন্দ্ৰ কেইটা খালি নথকাৰ বাবে লোকসকলক প্ৰেৰণ কৰা হয় পাথাৰকান্দি সমষ্টিৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷ আনহাতে আন একাংশ লোকক প্ৰেৰণ কৰে বিলবাৰী শ্ৰীকৃষ্ণৰাম হাই স্কুলৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷ পিছে এই কেন্দ্ৰটোত ন্যূনতম সা-সুবিধা নথকাৰ অভিযোগ উত্থাপন কৰি গুচি যায় লোকসকল ৷ গুচি যোৱা লোক কেইজনক সোণাখিৰা এলেকাত আটক কৰা হয় আৰু পৰৱৰ্তী সময়ত পাথাৰকান্দিৰ চক্ৰ বিষয়া সেই স্থানলৈ গৈ তেওঁলোকৰ সমস্যাৰ বুজ লৈ,সকলো সা-সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে পুনৰ সেই কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ দেশত COVID-19 পৰীক্ষণে অতিক্ৰম কৰিলে 40 লাখৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.