কৰিমগঞ্জ, 18 আগষ্টঃ উত্তৰ ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । উত্তৰ ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰবৰ্ত্তীৰ নেতৃত্বত ধৰ্মনগৰ চহৰৰ ৰাজবাৰী এলেকাত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় 20 লাখ টকা মূল্যৰ নিচা সামগ্ৰী । আৰক্ষীৰ এই অভিযানত সঞ্জীৱ কালোৱাৰ আৰু নিৰ্মল কালোৱাৰ নামৰ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, ধৰ্মনগৰ চহৰৰ ৰাজবাৰী এলেকাত দীৰ্ঘদিনৰ পৰা এই দুইজনে নিচা জাতীয় সামগ্ৰী বিক্ৰী কৰি আহিছিল ৷
আনহতে এই ঘটনাৰ পিছত মাদক সংক্ৰান্ত গোচৰৰ তদন্তত গাফিলতিৰ বাবে কাঞ্চনপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মিকা ডাৰলংকক আৰক্ষী অধীক্ষক ভানুপদ চক্ৰবৰ্ত্তীৰ নিৰ্দেশত নিলম্বন কৰা হৈছে ।