ETV Bharat / state

কৰিমগঞ্জৰ বাৰইগ্ৰামত শোকাৱহ ঘটনা

কৰিমগঞ্জ জিলাৰ বাৰইগ্ৰাম অঞ্চলত হোৱা এটা শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ। ছয়মহীয়া সন্তানটোক লগত আত্মহত্যা কৰিছে ছৈয়দ মঞ্জুৰ আহমেদ নামৰ এজন যুৱকে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজো কৰি আৰম্ভ কৰিছে তদন্তৰ। অঞ্চলটোৰে এজন অতিকে অমায়িক যুৱকৰ এনে বিয়োগত অঞ্চলটোত পৰিছে শোকৰ ছাঁ।

কৰিমগঞ্জৰ বাৰইগ্ৰামত শোকাৱহ ঘটনা
কৰিমগঞ্জৰ বাৰইগ্ৰামত শোকাৱহ ঘটনা
author img

By

Published : Jun 4, 2020, 8:18 PM IST

কৰিমগঞ্জ, 4 জুনঃ কৰিমগঞ্জ জিলাৰ বাৰইগ্ৰাম অঞ্চলত হোৱা এটা শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ। ছয়মহীয়া সন্তানটোক লগত আত্মহত্যা কৰিছে মঞ্জুৰ আহমেদ নামৰ এজন যুৱকে।

ঘটনাটো বৃহস্পতিবাৰৰ। বাইৰগ্ৰাম অঞ্চলৰ ইলাশপুৰ গাঁৱৰ নিবাসী এগৰাকী অতিকে নম্ৰ স্বভাৱৰ মঞ্জুৰ আহমেদে প্ৰথমে দেৱশিশুটোক বিষপান কৰাই নিজেই পান কৰিছিল বিষ। ঘটনাৰ বিষয়ে পৰিয়ালৰ আনসকল লোকে অৱগত হৈ ততাতৈয়াকৈ নিলামবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।

কৰিমগঞ্জৰ বাৰইগ্ৰামত ফুলকুমলীয়া সন্তানক লৈ আত্মহত্যা এগৰাকী পিতৃৰ

পূৰ্বে আজমল ফাউণ্ডেচনৰ পাৰফিউমৰ এটা কোম্পানীত কাম কৰা মঞ্জুৰ আহমেদে কাম বাদ দি বিগত কিছু মাহৰ পৰা ঘৰতে আছিল। শেহতীয়াকৈ মহামাৰী ক'ৰণাৰ ফলত কৰ্মৰ সন্ধান কৰিব নোৱাৰা আৰু অৰ্থৰ সংকটত হতাশাগ্ৰস্ত হৈ কণমানি পুত্ৰ সন্তানটোৰে সৈতে আত্মহত্যা কৰা বুলি সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকসকলে। তাৰোপৰি এনেদৰে আত্মহত্যাৰ অন্য কোনো ৰহস্যও থাকিব পাৰে বুলি সন্দেহ কৰিছে একাংশই । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজো কৰি আৰম্ভ কৰিছে তদন্তৰ। অঞ্চলটোৰে এজন অতিকে অমায়িক যুৱকৰ এনে বিয়োগত অঞ্চলটোত পৰিছে শোকৰ ছাঁ।

লগতে চাওকঃ তিনিচুকীয়াত চৰকাৰী কাৰ্যালয়ত সুৰাৰ আড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.