ETV Bharat / state

নিজ শ্ৰমেৰে মথাউৰি নিৰ্মাণ পাথাৰকান্দি ৰাইজৰ

জলসম্পদ বিভাগৰ আওঁকাণৰ ফলত নিজে শ্ৰম কৰি মথাউৰি নিৰ্মাণ কৰিলে কৰিমগঞ্জ পাথাৰকান্দিৰ ৰাইজে ৷

নিজ শ্ৰমেৰে মথাউৰি নিৰ্মাণ পাথাৰকান্দি ৰাইজৰ
author img

By

Published : Aug 11, 2019, 3:50 AM IST

কৰিমগঞ্জ,11 আগষ্ট: দুবছৰ পূৰ্বে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কেইবাটাও মথাউৰি লংগাই নৈৰ বাঢ়নী পানীয়ে চিগি নিছিল। লংগাই নৈৰ পানীয়ে পাথাৰকান্দি সমষ্টিৰ মন্ত্ৰীগাঁৱৰ মথাউৰীও নিছিল চিঙি । ইয়াৰ ফলত মন্ত্ৰীগাঁৱৰ 25খন গাঁও প্লাবিত হৈছিল । লংগাই নৈৰ বুকুত জাহ গৈছিল বহু কেইটা ঘৰ দুৱাৰ ৷

নিজ শ্ৰমেৰে মথাউৰি নিৰ্মাণ পাথাৰকান্দি ৰাইজৰ

এবছৰ পূৰ্বে চিগা মথাউৰি পৰিদৰ্শন কৰিছিল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । প্ৰত্যক্ষ কৰি গৈছিল ৰাইজৰ দুৰ্দশা কিন্তু তাৰ পিছতো নিৰ্মাণ নহ'ল ভগ্ন মথাউৰি । ফলত কৃষি প্ৰধান অঞ্চল হিচাবে পৰিচিত মন্ত্ৰীগাঁও,পাত্ৰগ্ৰাম,পেকুৰগ্ৰাম,কচুৱাৰী,কলকলীঘাটকে ধৰি 25 খন গাঁৱৰ কৃষকসকলে সমস্যাৰ সন্মুখীন হয় ।

ইয়াৰ লগতে অঞ্চলটোৰ ৰাইজৰ বাবেও ভাবুকি স্বৰূপ হৈ পৰিছিল ভগ্ন মথাউৰিটো ৷ কিয়নো যি কোনো সময়ত ঘৰ-বাৰী উটুৱাই নিয়াৰ ভয় এই অঞ্চলবাসীৰ । সেয়েহে চৰকাৰ তথা জলসম্পদ বিভাগৰ ওপৰত আস্থা হেৰুৱাই অঞ্চলটোৰ ৰাইজে চান্দা তুলি স্থানীয় সামাজিক সংগঠন বিষ্ণুপ্ৰিয়া মণিপুৰী ইয়ং ব্ৰিগেড আৰু মন্ত্ৰীগাঁও পৰ্ট ট্ৰাষ্ট নামৰ দুই সংগঠনে ৰাইজক লৈ নামি পৰে মথাউৰী নিৰ্মাণত। এইক্ষেত্ৰত উন্নয়নৰ শ্লোগান দিয়া চৰকাৰখনৰ এক লজ্জাজনক স্থিতি উদঙাইছে।

Intro:নিজ শ্ৰমেৰে মথাউৰী নিৰ্মান ৰাইজৰ।জলসম্পদ বিভাগ যেন এতিয়া ৰাইজৰ বাবে ভাবুকি।

Body:আজিৰ পৰা দুবছৰ পূৰ্বে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বহু কেইটা মথাউৰী চিঙি ছিল লঙ্গাই নৈৰ বাৰণি পানীয়ে ।চিঙিছিল পাথাৰকান্দি সমষ্টিৰ মন্ত্ৰীগাওঁৰ মথাউৰী ও।আৰু মন্ত্ৰীগাঁওৰ মথাউৰী চিঙি 25খন গাঁও প্লাবিত হৈচিল।লঙ্গাই নৈৰ বুকুত জা গৈছিল বহু কেইটা ঘৰদোৱাৰ।এবছৰ পূৰ্বে চিঙ্গা মথাউৰী পৰিদৰ্শন কৰিবলৈ আহিছিল জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ।প্ৰত্যক্ষ কৰি গৈছিল ৰাইজৰ দুৰ্দশা কিন্তু তাৰপিছতো নিৰ্মাণ হোৱা নাই মথাউৰী খন ।ফলত কৃষি প্ৰধান অঞ্চল হিচাবে পৰিচিত মন্ত্ৰীগাঁও,পাত্ৰগ্ৰাম,পেকুৰগ্ৰাম,কচুৱাৰী, কলকলীঘাট কে ধৰি 25 গাঁওৰ কৃষককুল পৰিছিল সমস্যাত।লগতে যিকোনো মুহূৰ্তত এই অঞ্চলৰ ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ উঠিছিল মথাউৰী খন কিয়নো যি কোনো সময়ত ঘৰবাৰী উৰুৱাই নিয়াৰ ভয় আছিল এই অঞ্চলৰ।পিছে চৰকাৰ তথা জলসম্পদ বিভাগৰ ওপৰত আস্থা হেৰুৱাই চান্দা তুলি স্থানীয় সামাজিক সংগঠন বিষ্ণুপ্ৰিয়া মণিপুৰী ইয়ং ব্ৰিগেড আৰু মন্ত্ৰীগাঁও পৰ্ট ট্ৰাষ্ট নামৰ দুখন সংগঠনে ৰাইজক লৈ নামি পৰে মথাউৰী নিৰ্মাণত।

Conclusion:পিছে উন্নয়নৰ শ্লোগান দিয়া চৰকাৰখনৰ বাবে এয়া যে লজ্জাজনক কথা এয়াই উদঙাইছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.