ETV Bharat / state

উচ্চতম ন্যায়ালৰ নিৰ্দেশক অৱমাননা কৰি ভাৰত-বাংলা সীমান্তত অবাধে চলিছে গৰুৰ বজাৰ

ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কৰিমগঞ্জত সীমান্তৰ 20 কিলোমিটাৰৰ ভিতৰত বহু কেইটা স্থানত অবাধে চলিছে গৰুৰ বজাৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি একাংশ আৰক্ষীৰো সহযোগ আছে এই সকল ব্যৱসায়ীৰ সৈতে ৷

উচ্চতম ন্যায়ালৰ নিৰ্দেশক অৱমাননা কৰি অবাধে চলিছে গৰুৰ বজাৰ
author img

By

Published : Aug 10, 2019, 4:35 PM IST

কৰিমগঞ্জ, আগষ্ট 10 : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশেও লৰাব নোৱাৰা ভাৰত-বাংলা সীমান্তৰ একাংশ গৰুৰ বজাৰ ৷ ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কৰিমগঞ্জত সীমান্তৰ 20 কিলোমিটাৰৰ ভিতৰত বহু কেইটা স্থানত অবাধে চলিছে গৰুৰ বজাৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি একাংশ আৰক্ষীৰো সহযোগ আছে এই ব্যৱসায়ীসকলৰ সৈতে ৷ উল্লেখ্য যে, কৰিমগঞ্জ সদৰ থানাৰ অধীনৰ কালিগঞ্জত থকা সীমান্তৰ পৰা মাত্ৰ 8 কিলোমিটাৰ দুৰত্বত আছে আটাইটকৈ ডাঙৰ গৰুৰ বজাৰখন ।

উচ্চতম ন্যায়ালৰ নিৰ্দেশক অৱমাননা কৰি অবাধে চলিছে গৰুৰ বজাৰ

এই সমূহ বজাৰৰ পৰা গৰু ক্ৰয় কৰি কৰিমগঞ্জ চহৰৰ মাজেৰে সৰবৰাহ কৰাৰ সময়তে বজৰং দলৰ সদস্যৰ সহযোগত ৰাইজে আটক কৰে তিনিখনকৈ গাড়ী ৷ কিন্তু আশ্চৰ্যজনকভাৱে ৰাইজে আৱদ্ধ কৰা গাড়ীকেইখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই থানালৈ লৈ যাবলৈ বিচৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ৰাইজৰ মতে মাজ নিশাও এইদৰে সৰবৰাহ হয় গৰুভৰ্তি বাহন ৷ উল্লেখ্য যে, যোৱা 5 আগষ্টত জিলা পৰিষদৰ কাৰ্যালয়ৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বেনাৰ আৰু মাইকত ঘোষণা কৰি সীমান্তত গৰুৰ বজাৰ বন্ধ কৰাৰ প্ৰয়াস কৰা হৈছিল ৷ কিন্তু তাৰ পাচতো বন্ধ হোৱা নাই এখনো গৰুৰ বজাৰ ৷ কালিগঞ্জ আৰু ফকিৰা বজাৰৰ উপৰিও সীমান্ত অঞ্চলত চলি আছে বহু কেইখন এনে অবৈধ গৰুৰ বজাৰ ৷ ইয়াৰে দুয়োখন বৃহৎ গৰু বজাৰ কৰিমগঞ্জ সদৰ থানাৰ অন্তৰ্গত ৷ কিন্তু ভাৰপ্ৰাপ্ত আৰক্ষী আধীক্ষক উৎপল বৰাই কৌশলেৰে গৰুভৰ্তি বাহন সমূহ ৰাইজৰ পৰা মোকলাই নিব খোজাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে, নিশা বাৰ বজা পৰ্যন্ত কৰিমগঞ্জত এই ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ থাকে ৷ পৰৱৰ্তী সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত উত্তেজনা কিছু শাম কাটে ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰা এইসকল গৰু ব্যৱসায়ীৰ ক্ষেত্ৰত প্ৰশাসনে যি ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা ঘটনাই এতিয়া আচৰিত কৰি তুলিছে কৰিমগঞ্জৰ লগতে ৰাজ্যবাসীক ৷

Intro:Body:SLUG: COW BAZAR, CONTEMPTING SUPREME COURT VERDICT AT KARIMGANJ CONTINUE
চুপ্ৰীম কোৰ্টৰ নিৰ্দেশক অমান্য কৰি সীমান্তৰ ২০ কিলোমিটাৰৰ ভিতৰত কৰিমগঞ্জৰ বহু কেইটা স্থানত অবাদে চলি আছে গৰুৰ অবৈধ বজাৰ । ৰাইজৰ অভিযোগ, আৰক্ষীৰ সৈতে মিতিৰালি কৰি চলাই যোৱা হৈছে বজাৰ সমূহ । কৰিমগঞ্জ সদৰ থানা এলাকাত থকা কালিগঞ্জত থকা আটাইতকৈ ডাঙৰ বজাৰটো সীমান্তৰ ৮ কিলোমিটাৰ দুৰত্বত । চুপ্ৰীম কোৰ্টৰ নিৰ্দেশক বৃদ্ধাংগুলি দেখুৱাই সীমান্তৰ ২০ কিলোমিটাৰৰ ভিতৰত কৰিমগঞ্জৰ কালিগঞ্জত চলি আছে এই বৃহত্ বজাৰ । বজাৰটোৰ পৰা গৰু ক্ৰয় কৰি লৈ কৰিমগঞ্জ চহৰ হৈ পাৰাপাৰ হোৱাৰ সময়ত বজৰং দলৰ সদস্য সহ স্থানীয় ৰাইজে তিনিটাকৈ গাড়ি ধৰিলে ব্যাপক উত্তেজনাৰ সৃষ্ঠি হয় । ৰাইজে আবদ্ধ কৰা তিনিটাকৈ গৰুভৰ্তি গাড়ি কৰিমগঞ্জ সদৰ থানাৰ ওচিয়ে লৈ যাবলৈ চেষ্ঠা কৰিলে চৰম উত্তেজনাৰ সৃষ্ঠি হয় । গভিৰ নিশালৈকে চলে এনে উত্তেজনা । ৰাইজৰ কথা হল, কালিগঞ্জৰ অবৈধ বজাৰৰ পৰা গৰু ক্ৰয়ৰ কেনকৈ বৈধ কাকত বনায় । পৰবৰ্তিত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধিক্ষকৰ নেতৃত্বত পৰিস্থিতি সামন্য হয় যদিও ঘটনা লৈ চেপা উত্তেজনা এতিয়াও বিৰাজ কৰি আছে ।
যোৱা ৫তাৰিখে জিলা পৰিষদ কাৰ্যালয়ৰ যোগেদী চুপ্ৰীম কোৰ্টৰ নিৰ্দেশক মন কৰাই দিয়াৰ বাৱে জিলাৰ বিভিন্ন স্থানত বেনাৰ লগাই আৰু মাইকিং কৰি সীমান্তৰ ২০ কিলোমিটাৰৰ ভিতৰত গৰুৰু বজাৰ বন্ধ কৰাৰ চেষ্ঠা কৰিছিল । কিন্তু এয়া যেন আছিল কেৱল লৌকিকতা । প্ৰকৃততে এটাও গৰুৰ বজাৰ বন্ধ হোৱা নাছিল । ফকিৰাবজাৰৰ বজাৰৰ উপৰিও সীমান্তৰ ৮ কিলোমিটাৰ দুৰত্বৰ কালিগঞ্জত চলি আছে অসমৰ আটাইতকৈ ডাঙৰ গৰু বজাৰ । দৃশ্য দেখি আপুনি ভাবিব পাৰে এয়া হয়তো বাংলাদেশ নাইবা পাকিস্থানত থকা কোনও গৰু বজাৰ । কিন্তু কৰিমগঞ্জৰ কালিগঞ্জৰ দৃশ্য এয়া । এনে বৃহত্ আৰক্ষীয়ে মুদি ৰাখিছে । দুয়োটা অবৈধ বৃহত্ বজাৰ কৰিমগঞ্জ সদৰ থানা এলেকাৰ হোৱাৰ বাৱে ওচি গৰাকিৰ উপৰত পূৰ্বৰ পৰাই ৰাইজ ক্ষোভিত হৈ আছিল । যোৱা নিশাৰ ঘটনাৰ সময়ত গৰুৰ গাড়ি মুকুলাই নিয়াৰ চেষ্ঠা কৰিলে ৰাইজৰ ক্ষোভ প্ৰবল হৈ উঠে । ওচি উত্পল বৰাক উভতি ধৰি প্ৰবল ক্ষোভ উজাৰে । ৰাতি ১২ টালৈকে চলে এনে উত্তেজনা । পৰবৰ্তিত অতিৰিক্ত আৰক্ষী অধিক্ষকৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰনত আহে যদিও চেপা উত্তেজনা এতিয়াও বিৰাজ কৰি আছে । প্ৰশাসনৰ ৰহস্যজনক ভূমিকাৰ বাবে উলঙ্ঘীত হৈছে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ।

BYTE: ১. বিশ্ব হিন্দু পৰিষদৰ সদস্য         ২. স্থানীয় ৰাইজ         ৩. জিলা বজৰং দলৰ সম্পাদকConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.