ETV Bharat / state

কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Mar 30, 2021, 5:13 PM IST

কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ৰাতাবাৰী সমষ্টিত দলীয় প্ৰাৰ্থী বিজয় মালাকাৰ আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিত দলীয় প্ৰাৰ্থী ডাঃ মানস দাসৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

cm-election-campaign
কৰিমগঞ্জত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কৰিমগঞ্জ,30 মাৰ্চ: মঙলবাৰে অন্ত পৰে ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ কৰিমগঞ্জত দুখনকৈ নিৰ্বাচনী জনসভাত ভাগ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাতাবাৰী সমষ্টিত দলীয় প্ৰাৰ্থী বিজয় মালাকাৰ আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিত দলীয় প্ৰাৰ্থী ডাঃ মানস দাসৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।

অৱশ্যে পুৱা 10.30 বজাত ৰাতাবাৰী সমষ্টিৰ অন্তৰ্গত চেৰাগীত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী জনসভা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু সোমবাৰে নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত সভাস্থলীৰ যথেষ্ট ক্ষতিসাধন হৈছিল । আনকি পুৱাৰে পৰাই যথেষ্ট লোকৰ ভিৰ হৈছিল যদিও বতৰ ডাৱৰীয়া হোৱাৰ বাবে মূখ্যমন্ত্ৰীৰ জনসভা বাতিল কৰিবলগীয়া হয় । অবশেষত সকলো জল্পনা-কল্পনাৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱলে ৰাতাবাৰী আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ জনসভাৰ জৰিয়তে প্ৰচাৰ চলায় ।

লগতে পঢ়ক : এন আৰ চি পুঁজি বন্ধ কৰিলে কেন্দ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.