কৰিমগঞ্জ,24 ডিচেম্বৰ: কৰিমগঞ্জত দুদিনীয়াকৈ অনুষ্ঠিত অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অতিথিক আপ্যায়ন কৰাৰ বাবে বাংলাদেশৰ পৰা এক কুইন্টল ইলিছ মাছ অনা হৈছে ৷ পোনপ্ৰথমবাৰৰ সীমান্ত জিলা কৰিমগঞ্জত দুদিনীয়াকৈ অসম বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছে ৷ সেই উপলক্ষে ইলিছ মাছৰ লগতে পাঠাৰ মাংসৰে অতিথিক আপ্যায়ন কৰি সন্তুষ্ট কৰাৰ বাবে সাজু হৈছে আয়োজক সমিতি ৷
উল্লেখ্য যে কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনটোত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক আদৰিবৰ বাবে আয়োজক সমিতি সম্পূৰ্ণৰূপে সাজু থকা পৰিলক্ষিত হয় ৷ বিজেপিৰ দুদিনীয়া কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ পৰিৱৰ্তে দ্বিতীয় দিনটোত উপস্থিত থাকে বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
লগতে পঢ়ক: কৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ