কৰিমগঞ্জ, ১৩ অক্টোবৰ: কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণলৈও কেৰেপ নকৰে একাংশ কংগ্ৰেছী নেতাই। কৰিমগঞ্জত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত ধোঁৱাচাঙত COVID-19ৰ স্বাস্থ্যবিধি। দায়িত্বজ্ঞানহীনভাৱে একাংশ দলীয় নেতাই পৰিধান কৰা নাই মাস্ক।
সামাজিক দূৰত্বৰ বিষয়ে যেন একোৱে নাজানে এইসকল নেতা-কৰ্মীয়ে। COVID-19ৰ স্বাস্থ্যবিধি ভেঙুচালি কৰা এনে লোকৰ সৈতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰকিবুল হুছেইন,ৰিপুণ বৰা সুস্মিতা দে,কমলাক্ষ্য দে পুৰকায়স্থই । বি জে পিক দুৰ্নীতিগ্ৰস্ত দল আখ্যা দি সমালোচনা কৰে দলটোৰ নেতাসকলে।
আনহাতে,মহামাৰীৰ সংক্ৰমণৰ আশংকা কৰি দুৰ্গোত্সৱৰ প্ৰাক মুহূৰ্তত কৰিমগঞ্জ প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। কিন্তু নিৰ্বাচনী সভাত হোৱা চৰকাৰৰ নিৰ্দেশনা নমনা লোকৰ সমাগমে এতিয়া ভয়াৱহ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে।
লগতে পঢ়ক:দিবন ডেকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ