ডিফু, ৩১ অক্টোবৰ : পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত দেওবাৰে পুৱা ৰহস্যজনকভাৱে এজনী হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । খেৰণিস্থিত বন বিভাগৰ দক্ষিণ বনাঞ্চলৰ অধীনস্থ বগৰীঘাটত উদ্ধাৰ কৰা হয় মাইকী বনৰীয়া হাতীৰ মৃতদেহ । পুৱা স্থানীয় লোকসকলে কুঁহিয়াৰ খেতিত কাম কৰিবলৈ যোৱাৰ সময়তে কুঁহিয়াৰবাৰীৰ মাজত হাতীজনীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ।
স্থানীয় ৰাইজে লগতে বন বিভাগক এই সন্দর্ভত অৱগত কৰাৰ পিছতে বন বিভাগৰ লোক ততালিকে ঘটনাস্থলীত উপস্থিত হৈ হাতীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰৰ ব্যৱস্থা কৰে । অৱশ্যে, হাতীজনীৰ এনে অস্বাভাৱিক মৃত্যুৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও খাদ্যত বিষক্ৰিয়াৰ ফলত হাতীজনীৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে ।
উল্লেখ্য যে, এলেকাটোত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে নিতৌ উপদ্ৰৱ চলাই কৃষকৰ উৎপাদিত খাদ্য শস্য খাই তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি তাণ্ডৱ চলাই আহিছে । বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে । হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ কোনো লোকে বিষাক্ত দ্ৰব্য মিলাই থোৱা খাদ্য গ্ৰহণ কৰাৰ বাবে হাতীজনীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । হাতীজনীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলে ।
লগতে পঢ়ক : অনলাইন টিকটৰ নামত ক’লা বজাৰ চলিছে নেকি চিৰিয়াখানাত ?