ETV Bharat / state

কাৰ্বি আংলঙত খাদ্যৰ সন্ধানত ৰাজপথত গজৰাজ - karbi anglong

খাদ্যৰ সন্ধানত টুম্প্ৰেং-হোজাই সংযোগী ৰাজপথত বন্যহস্তী ৷ কৃষকে মটৰচাইকেলত অনা ধানৰ কঠিয়া খালে বন্যহস্তীটোৱে ৷

wild elephant at high road in karbi anglong
কাৰ্বি আংলঙত খাদ্যৰ সন্ধানত ৰাজপথত গজৰাজ
author img

By

Published : Jun 5, 2021, 8:27 PM IST

ডিফু, ৫ জুন : বনধ্বংসৰ ফলত জৈৱ বৈচিত্ৰৰ বাবে নামি অহা ভাবুকিৰ প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰি অহাৰ মাজতেই শনিবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ বনাঞ্চলৰ পৰা খাদ্যৰ অভাৱত জনাঞ্চললৈ নামি অহা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই সাধাৰণৰ জনতাৰ জীৱন তথা সম্পত্তিলৈ সংকট নমাই আনিছে ৷ শনিবাৰে জিলাখনৰ টুম্প্ৰেং-হোজাই সংযোগী পথত এটা বন্যহস্তীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে ৷

কোমোৰাকটা বনাঞ্চলৰ পৰা আহি পুৱা ৫-৩০ বজাত হাতীটোৱে উক্ত পথত অৱস্থান কৰাৰ ফলত পথচাৰীৰ মাজত আতংকৰ সৃষ্টি হৈ পথটোত চলাচল স্তব্ধ হৈ পৰে ৷ সেই সময়ত উক্ত পথেৰে মটৰ চাইকেলেৰে ধানৰ কঠিয়া কঢ়িয়াই আনি থাকোতে হাতীটোক দেখি মটৰ চাইকেলখন এৰি লোকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰে ৷

হাতীটোৱে মটৰ চাইকেলত থকা প্ৰায় এমোন ধানৰ কঠিয়া খাই আঁতৰি যায় ৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনাটোতে বন্যপ্ৰাণী খাদ্যৰ সন্ধানত এনেদৰে জনাঞ্চললৈ খাদ্য বিচাৰি অহা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধিঙত গছপুলি ৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.