ETV Bharat / state

কাৰ্বি আংলঙত পিৰামল ফাউণ্ডেছনৰ উদ্যোগত বাহন মুকলি - পৰিমল ফাউণ্ডেছনৰ তফিকুল মালিক

বৃহস্পতিবাৰে পিৰামল ফাউণ্ডেছন (স্বাস্থ্য)ৰ উদ্যোগত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত মুঠ 6 খন বাহনৰ মুকলি (Piramal Foundation launched vehicles in Karbi Anglang) ৷ জিলাখনৰ গ্ৰাম্যাঞ্চলত যক্ষ্মাৰোগত আক্ৰান্ত সকলৰ সবিশেষ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত ব্যৱহাৰ হ’ব এইসমূহ বাহন ৷

piramal-foundation-launched-6-vehicles-to-collect-tb-patient-data-in-karbi-anglang
কাৰ্বি আংলংত পিৰামল ফাউণ্ডেছনৰ উদ্যোগত বাহন মুকলি
author img

By

Published : Feb 17, 2022, 10:03 PM IST

ডিফু, 17 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে দুই পাহাৰীয়া জিলা ক্ৰমে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পিৰামল ফাউণ্ডেছন (স্বাস্থ্য)ৰ উদ্যোগত মুঠ 6 খন বাহন মুকলি কৰা হয় (Piramal Foundation launched vehicles in Karbi Anglang) ৷ 2025 চনৰ ভিতৰত ভাৰতক যক্ষ্মাৰোগ মুক্ত দেশ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় তৰকাৰৰ তৰফৰ পৰা লোৱা পদক্ষেপৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই জানিব দিয়ে ৷

লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি, মুকলি কৰি দিয়া বাহন সমূহে পৰৱৰ্তী দিন সমূহত জিলাখনৰ এশখন গাঁৱলৈ গৈ যক্ষ্মাৰোগত আক্ৰান্ত সকলৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব (To collect TB patient data in Karbi Anglang) ৷ এই তথ্যৰ ওপৰত ভিত্তি কৰি যক্ষ্মাৰোগৰ বাবে পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে স্বাস্থ্য বিভাগে ৷

কাৰ্বি আংলংত পিৰামল ফাউণ্ডেছনৰ উদ্যোগত বাহন মুকলি

ইয়াৰ সমান্তৰালকৈ ক'ভিড টীকাকৰণ সন্দৰ্ভতো এই কাৰ্যসূচীৰ জৰিয়তে অভিযান চলোৱা হ’ব বুলিও জানিব পৰা গৈছে ৷ মঙলবাৰে অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানত বিশ্বস্বাস্থ্য সন্থাৰ প্ৰতিনিধি গৌতম বৰগোঁহাই, কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰং ৰংপিপী, মহকুমা স্বাস্থ্য বিষয়া সঞ্জিত ছাৰাংফাংছা, পৰিমল ফাউণ্ডেছনৰ তফিকুল মালিককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : Guwahati Air Quality : প্ৰহসণত পৰিণত মহানগৰীত যানবাহনৰ প্ৰদূষণ পৰীক্ষা ব্যৱস্থা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.